দক্ষিণ ভাৰতত ঘূৰ্ণি ‘মুৰাছু’ৰ বিধ্বংসী ৰূপ। ঘূৰ্ণিবতাহৰ প্ৰভাৱত অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। প্ৰবল বতাহ আৰু বৃষ্টিপাতৰ আশংকাই চিন্তিত কৰি তুলিছে জনসাধাৰণক। ঘূৰ্ণি ‘মুৰাছু’ৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত বতৰ উত্তাল হৈ পৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ আশংকাক লৈ সতৰ্কতা অৱলম্বন কৰিছে স্থানীয় বাসিন্দাসকলে। ঘূৰ্ণিবতাহৰ গতিবিধি আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত নজৰ ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।দক্ষিণৰ ৰাজ্য অন্ধপ্ৰদেশত ঘূৰ্ণীবতাহ মুৰাছুৱে একপ্ৰকাৰ তাণ্ডৱ চলায় ৷ ইতিমধ্যে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে ৷ ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ বেগেৰে ৰাজ্যখনৰ উপকূলীয় অঞ্চলত বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে ৰাজ্যখনৰ প্ৰকাশম জিলাৰ অংগোলেৰ সমীপত ঘূৰ্ণীবতাহ মুৰাছুৱে প্ৰৱেশ কৰি তাণ্ডৱ চলাবলৈ আৰম্ভ কৰা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, মঙলবাৰে মাজনিশা প্ৰায় এক বজাৰ আশে-পাশে ঘূৰ্ণীবতাহজাকে স্থলভাগত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে । যাৰ ফলত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে প্ৰচণ্ড বেগত বতাহ বলিবলৈ ধৰে ৷ ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিবলৈ আৰম্ভ কৰিছিল ৷ Share this:FacebookX Related Post navigation জলদস্যুৰ কবলৰ পৰা জাহাজ উদ্ধাৰ ভাৰতীয় নৌসেনাৰ, সুৰক্ষিত ২০জন ক্ৰু সদস্য আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়ান তাৰকা গ্লেন মেক্সৱেলে