জলদস্যুৰ কবলৰ পৰা হাইজেক কৰা জাহাজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় নৌসেনা। অভিযান চলাই জাহাজখনৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ২০জনকৈ ক্ৰু সদস্যক। উদ্ধাৰ অভিযানৰ সময়ত জাহাজখনৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ অত্যাধুনিক স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ। ভাৰতীয় নৌসেনাৰ এই অভিযানৰ ফলত জলদস্যুৰ কবলত থকা জাহাজখন উদ্ধাৰ কৰাৰ লগতে ক্ৰু সদস্যসকলকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জাহাজখন হাইজেক কৰা জলদস্যুসকলৰ বিৰুদ্ধে অভিযান চলাই নৌসেনাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। Share this:FacebookX Related Post navigation আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল অসম সন্তান অংকুশিতা বড়ো, অৰ্জন কৰিলে স্বৰ্ণ পদক দক্ষিণ ভাৰতত ঘূৰ্ণি ‘মুৰাছু’ৰ বিধ্বংসী ৰূপ