পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ২৩ এপ্ৰিল, ২০২৬ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ২৯ এপ্ৰিল, ২০২৬ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।ইয়াৰ মাজতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এছচিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এক সমীক্ষা প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এই সমীক্ষাত পশ্চিমবংগৰ ২৯৪টা বিধানসভা সমষ্টিৰ ১২৯টা সমষ্টি ‘ৰেড এলাৰ্ট’ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, ৰেড এলাৰ্ট সমষ্টিসমূহ হৈছে যিবোৰ সমষ্টিত ৩ বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনীত গোচৰ ৰুজু আছে। ইফালে, ৬৮৩গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনীত গোচৰ, ৫৮৯গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গম্ভীৰ অপৰাধমূলক গোচৰৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি ৩৫গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে হত্যাকাণ্ডৰ দৰে ঘটনাৰে জড়িত থকাৰ গোচৰ। লগতে ১৮৫গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা আৰু ১৯২গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে মহিলাৰ ওপৰত অত্যাচাৰ-নিৰ্যাতন চলোৱাৰ দৰে ঘটনাৰ গোচৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *