ৰিয়ান পৰাগ। ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগে এইবাৰ লাভ কৰিছে গুৰুত্বপূৰ্ণ দায়িত্ব। আজি ঘোষণা কৰা হয় যে- ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিব খেলুৱৈগৰাকীয়ে।এই লীগ আৰম্ভ হোৱাৰ পূৰ্বেই অসমবাসীৰ বাবে আহিল এক অতিকৈ ভাল খবৰ। ২০২৬ৰ আইপিএলত শক্তিশালী দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক পদত অসম সন্তান ৰিয়ান পৰাগ। ২০১৯চনত প্ৰথমবাৰৰ বাবে আইপিএলত খেলিছিল খেলুৱৈগৰাকীয়ে। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত খেলি আহিছে পৰাগে। সমুখৰ পৰা এইবাৰ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিবলৈ ওলোৱা ৰিয়ান পৰাগে নিজৰ দলটোক ২০২৬ৰ IPLৰ চেম্পিয়ন ট্ৰফী হাতত দাঙি ধৰিব বুলি আশাবাদী ৰাজস্থান ৰয়েলছ আৰু খেলুৱৈগৰাকীৰ প্ৰতিগৰাকী অনুৰাগী। ইফালে, দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত ৰিয়ান পৰাগৰ পিতৃয়ে কয় যে- ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ খবৰ। আশা কৰো ৰিয়ানৰ নেতৃত্বত দলটোৱে ভাল খেলিব।’ Share this:FacebookX Related Post navigation ৰানৱেলৈ উন্নীত হ’ল মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ কংগ্ৰেছত তীব্ৰ জোকাৰণি! হাত এৰি গেৰুৱা বসন পিন্ধাৰ দিশে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা