বিশ্ববিদ্যালয়খনৰ অধীনস্থ ২৭২ খন মহাবিদ্যালয়ৰ কোটি কোটি শিক্ষাৰ্থীৰ মাজৰ পৰা ইংৰাজী মেজৰত শীৰ্ষস্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে খাদিজাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে হোজাই জিলাৰ খাদিজা আখতাৰা। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নীলবাগানৰ হাজী আজমল আলী কলেজৰ ইংৰাজী বিভাগৰ ছাত্ৰী খাদিজা আখতাৰাই ৮.৯৩ CGPA নম্বৰ লাভেৰে এই কৃতিত্ব অৰ্জন কৰে। তেওঁৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।অসাধাৰণ মেধাৰ পৰিচয় দিয়া খাদিজা আখতাৰাৰ আগন্তুক শৈক্ষিক জীৱনৰ সমগ্ৰ দায়িত্ব আজমল ফাউণ্ডেচনৰ মূল প্ৰতিষ্ঠাপক মৌলানা বদৰুদ্দিন আজমলে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *