অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টৰ জৰিয়তে অসমৰ বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।ৰাষ্ট্ৰপতিয়ে এক্সৰ পোষ্টত লিখিছে, “অসমত বানৰ ফলত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসযজ্ঞই অতিশয় মৰ্মাহত কৰিছে । এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত সকলো লোকৰ সুৰক্ষা কামনা কৰাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনত নিয়োজিত সকলো লোকৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *