কাৰ্গিল বিজয় দিৱস কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।দেশজুৰি উদযাপন কৰা কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত শত্ৰুক পৰাস্ত কৰি দেশৰ পৰাক্ৰম দেখুওৱা ভাৰতীয় সেনাসকলৰ অতুলনীয় শৌৰ্য আৰু আত্মত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। সামাজিক মাধ্যমত কৰা এটা বিশেষ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি অকৃত্রিম কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, বিশ্বৰ অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ পৰাক্ৰমে দেশক সদায় গৌৰৱান্বিত কৰি ৰাখিব। Share this:FacebookX Related Post navigation গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ