প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ শৰীৰৰ ওজনো ৮.৫ কেজি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি অহাৰ আশংকা কৰা হৈছে ।সোনম ৱাংচুকৰ অনশন বন্ধ কৰাৰ আহ্বান জনাই দাখিল কৰা এক আবেদনত কেন্দ্ৰ আৰু দিল্লী চৰকাৰক জাননী জাৰি কৰা হৈছে । ১৬ জুলাইত শুনানিৰ নিৰ্দেশ ।
ৰাকেশ কুমাৰ ছৈনী নামৰ এগৰাকী অধিবক্তাই দিল্লী উচ্চ ন্যায়ালয়ত এই আবেদন কৰিছে । শুনানিৰ সময়ত অধিবক্তা ছৈনীয়ে কয়, “এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে প্ৰতিবাদৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ সমগ্ৰ দেশৰ সন্মুখত নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে । ন্যায়ালয়ে এই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এই বিষয়ত কাইলৈ অৰ্থাৎ ১৬ জুলাইত শুনানিৰ নিৰ্দেশ দিছে । আদালতে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ অধিবক্তাক এই বিষয়ৰ ওপৰত উত্তৰ লৈ আহিবলৈ জনাইছে । ন্যায়ালয়ে আবেদনকাৰীক আবেদনৰ প্ৰতিলিপি কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ অধিবক্তাক উপলব্ধ কৰাবলৈ কয় ।”

Leave a Reply

Your email address will not be published. Required fields are marked *