অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো যে আমাৰ ক্ৰীড়াপ্ৰেমীসকলে ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল অসুবিধা নোহোৱাকৈ উপভোগ কৰক । মই গুৱাহাটীৰ জিলা প্ৰশাসনক ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ পুৱা ৩:৩০ বজালৈ ৰেস্তোঁৰা চলোৱাৰ সময় বৃদ্ধি কৰিবলৈ কৰ্তৃত্ব দিছো, যাতে অনুৰাগীসকলে খেল চোৱাত সুবিধা হয় । মই আন জিলাৰ প্ৰশাসনক অনুমোদন দিছো যে য’তেই ৰেস্তোঁৰাৰ মালিক সংস্থা আৰু স্থানীয় জনসাধাৰণে অনুৰোধ কৰে, তাতেই একেধৰণৰ সম্প্ৰসাৰণৰ অনুমতি দিব লাগে । দায়িত্বশীলভাৱে সুন্দৰকৈ খেল উপভোগ কৰক ।’’

Leave a Reply

Your email address will not be published. Required fields are marked *