কীৱে ইণ্ডিয়া-ই শনিবাৰে নতুন হাইপভল্ট-আৰ মুকলি কৰি ইলেট্ৰিক পৰিবহন পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰিমিয়াম প্ৰদৰ্শন ইলেট্ৰিক স্কুটাৰ খণ্ডত খোজ থ’লে। স্কুটাৰখনৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্য ১.৯৯ লাখ টকা ধাৰ্য কৰা হৈছে। গ্ৰাসকসকলে কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ৫,০০০ টকা দি অনলাইন বুকিং কৰিব পাৰিব। কীৱে ইণ্ডিয়াৰ ৪০তকৈও অধিক অনুমোদিত ডিলাৰশ্বিপৰ জৰিয়তে অচিৰে ডেলিভাৰী আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। এই স্কুটাৰখনত ৫.০৪ কেডব্লিউএইছ-ৰ দুটা খুলিব পৰা এনএমচি বেটাৰী আৰু ১২কেডব্লিউ-ৰ পিক মিড-মাউণ্টেড স্থায়ী মেগনেট ছিংক্ৰনাছ মটৰ ব্যৱহাৰ কৰা হৈছে। হাইপভল্ট-আৰ স্কুটাৰখনে আইডিচি-প্ৰমাণিত ১৮০ কিলোমিটাৰ ৰেঞ্জ আৰু সৰ্বাধিক ১১৫ কি.মি/ঘণ্টা স্পীড প্ৰদান কৰে। ই মাত্ৰ ২.৩ ছেকেণ্ডতে ০-৪০ কি.মি/ঘণ্টা স্পীড ল’ব পাৰে। স্কুটাৰখন প্ৰায় ৩ ঘণ্টাত ০-৮০ শতাংশ চাৰ্জ হয় আৰু ইয়াত ইক’, নৰ্মেল আৰু স্প’ৰ্ট ৰাইডিং মুড উপলব্ধ।

হাইপভল্ট-আৰ স্কুটাৰখনত প্ৰিমিয়াম ছেফটি প্ৰযুক্তি যেনে— ডুৱেল-চেনেল এবিএছ, ট্ৰেকচন কন্ট্ৰ’ল চিষ্টেম, হিল হোল্ড কন্ট্ৰ’ল, হিল ডিছেন্ট কন্ট্ৰ’ল, ইন্টেলিজেন্ট ক্ৰুজ কন্ট্ৰ’ল, ব্লাইণ্ড স্পট ডিটেকচন আৰু এটা ৰিয়েৰ ৰিভাৰ্চ কেমেৰা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও ব্লুটুথ সংযোগ থকা ৫ ইঞ্চিৰ টিএফটি ডিছপ্লে, প্ৰজেক্টৰ এলইডি হেডলেম্প, ২৭ লিটাৰৰ আণ্ডাৰ-ছীট ষ্ট’ৰেজ, ইউএছবি টাইপ-এ আৰু টাইপ-চি চাৰ্জিং প’ৰ্ট, ৰিভাৰ্চ ম’ড, ১৪ ইঞ্চিৰ এলয় হুইল, এডজাষ্টেবল ছাছপেনচন, ১৩০ এমএম গ্ৰাছ ক্লিয়াৰেন্স আৰু ৭৭০ এমএম ওখ ছীট প্ৰদান কৰা হৈছে। এই স্কুটাৰখন ক্ৰিষ্টেল হোৱাইট আৰু প্লেটিনাম গ্ৰে ৰঙত উপলব্ধ হ’ব। পৰিচালন সঞ্চালকবিকাশ ঝাবাকে এই বিষয়ে সদৰি কৰি কয় যে, কীৱে ইণ্ডিয়াৰ বাবে এই শুভাৰম্ভণি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। কাৰণ বৰ্তমান গ্ৰাহকে এনে ইলেট্ৰিক বাহন বিচাৰে য’ত প্ৰদৰ্শন, স্মাৰ্ট প্ৰযুক্তি, প্ৰিমিয়াম ডিজাইন আৰু ব্যৱহাৰিকতা একেলগে পোৱা যায়। কোম্পানীটোৱে লগতে জনায় যে ইয়াৰ মূল প্ৰতিষ্ঠান আদিশ্বৰ অট’ ৰাইড ইণ্ডিয়া-ই সমগ্ৰ দেশতে ডিলাৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে।

ন ন বৈশিষ্ট্যৰে ভৰপূৰ ইভি বাহন-ৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধিৰ সময়ত এই স্কুটাৰখনে প্ৰিমিয়াম ইলেট্ৰিক দুচকীয়া বাহন খণ্ডটোক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইন্ধনৰ বৰ্ধিত মূল্য, উন্নত চাৰ্জিং আন্তঃগাঁথনি আৰু বহনক্ষম গতিশীলতাৰ প্ৰতি বৰ্ধিত সজাগতাই চহৰখনৰ ক্ৰেতাসকলক প্ৰিমিয়াম ইলেট্ৰিক স্কুটাৰ ক্ৰয় কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত কীৱেৰ দৰে ব্ৰেণ্ডসমূহৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *