জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড (জিচিএলআইচিএল)-এ গ্ৰাহকসকলক এক দীৰ্ঘম্যাদী অৱসৰকালীন পুঁজি গঠন কৰাত সহায় কৰা আৰু অতিৰিক্ত স্বাস্থ্যজনিত সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে সোনহেৰা পেঞ্চন আঁচনি মুকলি কৰিছে। এইখন এখন লাভাংশযুক্ত, বজাৰৰ সৈতে সংযোগ নথকা পেঞ্চন তথা সঞ্চয়মুখী জীৱন বীমা আঁচনি। বীমা প্ৰতিষ্টানটোৱে জনোৱা মতে, ভাৰতত অৱসৰকালীন প্ৰস্তুতিৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে, ২০২২ চনত ভাৰতত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ১০.৫ শতাংশ আছিল, যি ২০৫০ৰ ভিতৰত প্ৰায় ২০.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে, উন্নত অৰ্থনীতিত পেঞ্চন সম্পত্তি জিডিপিৰ প্ৰায় ৮০ শতাংশ হোৱাৰ তুলনাত ভাৰতত ই মাত্ৰ ১৭ শতাংশ হৈ আছে।
এই সোনহেৰা পেঞ্চন আঁচনিৰ ম্যাদ ৫ বছৰৰ পৰা ৪০ বছৰ পৰ্যন্ত হ’ব পাৰে আৰু পলিচীৰ প্ৰথম বছৰৰ পৰাই ইয়াত বোনাচ যোগ হ’ব। পলিচী ধাৰকসকলে ছিংগল পে’, লিমিটেড পে’ বা ৰেগুলাৰ পে’ প্ৰিমিয়ামৰ বিকল্প বাছনি কৰিব পাৰিব। ইয়াৰ উপৰিও আৰ্থিক জৰুৰীকালীন অৱস্থাত আংশিক ধন উলিওৱাৰ সুবিধাও ইয়াত উপলব্ধ হ’ব। গ্ৰাহকে ইচ্ছা কৰিলে ঐচ্ছিক ৰাইডাৰ ব্যৱহাৰ কৰি বীমাৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব পাৰিব।
পলিচীৰ ম্যাদ সম্পূৰ্ণ হ’লে, গ্ৰাহকে সঞ্চিত বোনাচৰ সৈতে নিশ্চিত পৰিমাণৰ ধন অথবা পৰিশোধ কৰা মুঠ প্ৰিমিয়ামৰ ১০৫ শতাংশ— এই দুয়োটাৰ ভিতৰত যি বেছি, সেই ধন লাভ কৰিব। পলিচী ধাৰকজনৰ মৃত্যু হ’লে, নমিনীয়ে বোনাচৰ সৈতে নিশ্চিত মৃত্যুৰ সুবিধা অথবা মুঠ প্ৰিমিয়ামৰ ১০৫ শতাংশৰ ভিতৰত যি বেছি, সেই পৰিমাণ লাভ কৰিব। বীমা কোম্পানীটোৱে জনোৱা মতে, ম্যাদ পূৰ্তি, পলিচী সমৰ্পণ (ছাৰেণ্ডাৰ) বা মৃত্যুৰ ক্লেইমৰ সময়ত পোৱা ধন আগতীয়া বা পলমকৈ পেঞ্চন ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব; অথবা নিয়মীয়া উপাৰ্জনৰ বাবে বাকী থকা ধন বিনিয়োগ কৰি তাৰ এক অংশ এককালীনভাৱে উলিয়াই ল’ব পাৰিব অথবা মৃত্যুৰ ক্লেইমৰ ক্ষেত্ৰত সম্পূৰ্ণ ধন একেলগে উলিয়াই ল’ব পাৰিব।
এই আঁচনিখনত কিছুমান বিনামূলীয়া স্বাস্থ্যসেৱাও অন্তৰ্ভুক্ত কৰা হৈছে, যেনে— ৰেহাই মূল্যত স্বাস্থ্য পৰীক্ষা, ডায়েগনষ্টিক টেষ্ট, টেলি-কনচাল্টেচনৰ জৰিয়তে দ্বিতীয় চিকিৎসা পৰামৰ্শ আৰু অনলাইন চিকিত্সক কনচাল্টেচন। কোম্পানীটোৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া আলোক ৰুংটাই এই বিষয়ে কয় যে, এই বিকল্প এক অনুশাসিত অৱসৰকালীন সঞ্চয়ৰ সৈতে লাভাংশযুক্ত আঁচনিৰ সুবিধাসমূহ একত্ৰিত কৰি দীৰ্ঘম্যাদী আৰ্থিক স্থিৰতা বৃদ্ধি কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।
অসমত আৰ্থিক সুৰক্ষা আৰু অৱসৰকালীন প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত এই আঁচনিখনে দৰমহাভোগী বৃত্তিপ্ৰতিষ্ঠানী ব্যক্তি, চৰকাৰী কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আত্মসংস্থাপিত ব্যক্তিসকলৰ মাজত ব্যাপক আগ্ৰহৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সঞ্চয় আৰু স্বাস্থ্য দুয়োটা সুবিধা প্ৰদান কৰা এনে বীমা সামগ্ৰীয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান জীৱন বীমা বজাৰত এক বিশেষ সমাদৰ লাভ কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *