আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে আৰম্ভ কৰিলে তীব্ৰ অভিযান।১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হব লাগিব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা কৰাৰ পাছতে দেখিবলৈ পোৱা গল বন বিভাগৰ এক্সন মুড। বিগত সপ্তাহৰ পৰা আৰম্ভ কৰা এই অভিযানত সৰ্বাধিক ৬টা মিল জব্দ কৰাৰ লগতে আৰু প্ৰায় ১১ টা মিল সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৰঙিয়া বন বিভাগে।আজি নগাঁৱৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাজিয়াগাওঁ,গৰম তিনিআলি,গেৰুৱামুখত অভিযান চলাই অবৈধ কাঠফলা মিল আৰু চোৰাংকৈ সৰবৰাহ কৰা মাকৈ শাল জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *