দিল্লী আৰক্ষীৰ বিশেষ কোষে আইএছআই পৃষ্ঠপোষকতাত চলি থকা এক আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী আৰু অস্ত্ৰ সৰবৰাহ নেটৱৰ্কৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত তিনিজন পঞ্জাবৰ আৰু এজন দিল্লীৰ বাসিন্দা। তেওঁলোকে দিল্লীত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে শুভদীপ সিং, গুৰজণ্ট সিং, সাজন সিং আৰু গগনপ্ৰীৎ। আৰক্ষীৰ অভিযোগ অনুসৰি, পাকিস্তানস্থিত আইএছআই হেণ্ডলাৰ শাহজাদ ভট্টী আৰু তেওঁৰ সহযোগীসকলৰ নিৰ্দেশত এই ৪ যুৱকে কাম কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *