অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগৰ তদন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিছে যে গ্ৰেপ্তাৰ হোৱা ৮জন অভিযুক্তৰ ভিতৰত ৬জনক বাৰানসীস্থিত এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল। এই সংস্থাটোক মন্দিৰত সংগৃহীত দানৰ নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিবলৈ নিযুক্ত কৰা হৈছিল।ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৮জনৰ ভিতৰত ৬জনেই বাৰাণসীস্থিত সৈনিক ছিকিউৰিটী ছাৰ্ভিচ ৰ কৰ্মচাৰী আছিল। সংস্থাটোৱে ৰাম মন্দিৰত দান হিচাপে সংগৃহীত নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিছিল বুলি জানিব পৰা গৈছে।ৰাম মন্দিৰৰ দান-বৰঙণিৰ ধন আত্মসাতৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তসকল হৈছে অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, ৰামশংকৰ যাদৱ ওৰফে টিন্নু, মনীষ যাদৱ, সুভাষ শ্ৰীবাস্তৱ, অভিনাশ শুক্লা, ৰামশংকৰ মিশ্ৰ আৰু কৰুণেশ পাণ্ডে।

Leave a Reply

Your email address will not be published. Required fields are marked *