টিভিএছ মটৰ কোম্পানীয়ে দিল্লী চৰকাৰৰ নতুন বৈদ্যুতিক বাহন (ইভি) নীতিক আদৰণি জনাইছে। টিভিএছ মটৰে ইয়াক এক সক্ৰিয় আৰু দূৰদৰ্শী পদক্ষেপ বুলি অভিহিত কৰিছে, যিয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত স্বচ্ছ গতিশীলতা সেৱাৰ প্ৰসাৰ দ্ৰুততৰ কৰিব।
এই সন্দৰ্ভত মন্তব্য কৰি টিভিএছ মটৰ কোম্পানীৰ অধ্যক্ষ সুদৰ্শন বেণুৱে কয় যে, কোম্পানীটোৱে সমগ্ৰ দেশতে ইভি বাহন ব্যৱহাৰৰ হাৰ বৃদ্ধি কৰাৰ বাবে বহনক্ষম গতিশীলতা সামগ্ৰী আৰু সেৱা প্ৰস্তুত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ উপৰি টিভিএছ মটৰক দিল্লীৰ নম্বৰ ৱান বৈদ্যুতিক দুচকীয়া বাহন বিক্ৰেতা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰাহকসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, দ্ৰুতগতিত বৃদ্ধি পোৱা ইভি খণ্ডত নিজৰ নেতৃত্বৰ স্থান ধৰি ৰাখিবলৈ কোম্পানীটোৱে উদ্ভাৱন আৰু গ্ৰাহক-কেন্দ্ৰিক সমাধানৰ ওপৰত বিনিয়োগ অব্যাহত ৰাখিব।
কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই নতুন নীতিয়ে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰি আৰু স্বচ্ছ পৰিবহনৰ দিশলৈ পৰিৱৰ্তন আনি বৈদ্যুতিক গতিশীলতাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। টিভিএছ মটৰে বিশ্বাস কৰে যে এই নীতিয়ে গ্ৰাহকৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব আৰু ভাৰতৰ বৈদ্যুতিক গতিশীলতা ব্যৱস্থাৰ দীৰ্ঘম্যাদী বিকাশত অৰিহণা যোগাব।
দিল্লী চৰকাৰৰ এই নীতিৰ এটা ইতিবাচক প্ৰভাৱ গুৱাহাটী মহানগৰীৰ দৰে বজাৰসমূহতো পৰিব পাৰে, য’ত বৈদ্যুতিক দুচকীয়া বাহনৰ প্ৰতি মানুহৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উন্নত নীতিগত সমৰ্থন, চাৰ্জিং আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ সজাগতা বৃদ্ধিয়ে উত্তৰ-পূৰ্বাঞ্চলত অধিক ইভি বাহন-সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত টিভিএছ মটৰৰ দৰে নিৰ্মাতাসকলৰ বাবে ন ন সুযোগৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোৰ বহনক্ষম গতিশীলতাৰ দিশলৈ পৰিৱৰ্তন হোৱাত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *