শীতকালত ঘৰুৱা ব্যৱহাৰৰ বাবে সহজলভ্য গেছ গিজাৰে মাতি আনিলে এক চৰম বিপৰ্যয়। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত এজন মেধাৱী কিশোৰৰ বাবে বাথৰুমৰ গেছ গিজাৰটোৱেই কাল হৈ পৰিল। জিলাখনৰ ৰাধা বিহাৰ কলনীত বৃহস্পতিবাৰে বাথৰুমৰ ভিতৰতে উশাহ বন্ধ হৈ কৰুণ মৃত্যু ঘটে এগৰাকী ১৮ বছৰীয়া ছাত্ৰৰ। মৃত ছাত্ৰজনক জিতেন্দ্ৰ ত্ৰিবেদীৰ পুত্ৰ উৎকৰ্ষ ত্ৰিবেদী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি, উৎকৰ্ষই গা ধুবলৈ বাথৰুমত সোমোৱাৰ বহু সময়লৈকে কোনো সঁহাৰি নিদিয়াত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে। কোনো উপায় বিচাৰি নাপাই অৱশেষত পৰিয়ালে বাথৰুমৰ দুৱাৰ ভাঙি ভিতৰত সোমাই কিশোৰজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। সেই সময়ত বাথৰুমটো গেছ গিজাৰৰ ধোঁৱাৰে ভৰি আছিল। তাৎক্ষণিকভাৱে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে, কেম্ব্ৰিজ কনভেণ্ট স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ উৎকৰ্ষই নৌ সেনাৰ বিষয়া হোৱাৰ লক্ষ্যৰে যোৱা ৩১ ডিচেম্বৰতহে এন ডি এৰ আবেদন পত্ৰৰ বাবে যাৱতীয় নথি সংগ্ৰহ কৰিছিল। মেধাৱী ছাত্ৰজনৰ এনে মৃত্যুত শিক্ষানুষ্ঠানখনৰ লগতে সহপাঠীসকলৰ মাজতো শোকৰ ছাঁ পৰিছে। আনহাতে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান চলায় যদিও শোকস্তব্ধ পৰিয়ালে মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবেহে সিদ্ধান্ত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *