ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান পেৰা এথলীট চিৰাগ ত্যাগীৰ সন্ধানহীন হোৱাৰ পিছতে অৱশেষত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ। দিল্লীৰ হোষ্টেলৰ পৰা মোৰাদনগৰৰ নিজ গাঁৱলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা এই খেলুৱৈগৰাকীৰ মৃতদেহ শনিবাৰে বিয়লি কোটৱালী থানাৰ অন্তৰ্গত সাই উপৱন অঞ্চলত প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জানিব পৰা মতে, মৃত চিৰাগ ত্যাগীৰ পিঠিত এটা গভীৰ ক্ষতচিহ্ন প্ৰত্যক্ষ কৰা হৈছে। এই আঘাত গুলী চালনাৰ নে আন কোনো চোকা অস্ত্ৰৰ প্ৰহাৰৰ ফলত হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ইয়াৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ইতিমধ্যে যশ খটিক নামৰ এজন সন্দেহযুক্ত যুৱকক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। জানিব পৰা মতে, ধৃত যশো এজন পেৰা অলিম্পিক এথলীট আছিল। নথিপত্ৰ পৰীক্ষণৰ এটা গোচৰত চিৰাগে কৰা অভিযোগৰ বাবেই যশৰ খেলুৱৈৰ অৰ্হতা বাতিল হৈছিল আৰু ইয়াৰে প্ৰতিশোধ ল’বলৈ যশে চিৰাগক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত সোণৰ পদক জিকি চিৰাগে জাপানত অনুষ্ঠিত হ’বলগীয়া পেৰা এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। এছিয়ান ৰেকৰ্ড ভংগ কৰাৰ লক্ষ্য স্থিৰ কৰা খেলুৱৈগৰাকীৰ পৰিয়ালৰ লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ এক বিস্তৃত তদন্ত চলাই আছে। Share this:FacebookX Related Post navigation ফ্ৰেন্স অপেনত ১৭ বছৰীয়া কুৱামেৰ ৰোমাঞ্চকৰ বিজয়; নাডালৰ ২০০৩ৰ অভিলেখ স্পৰ্শ