হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ শাখাৰ সামাজিক দায়বদ্ধতা আঁচনি (CSR)-ৰ অধীনত প্ৰদান কৰা এই বাহনখন পৰিচালনা কৰিব গুৱাহাটী পৌৰ নিগমে । লগতে, ‘ডিপাছা অযুতবৃক্ষ’ কাৰ্যসূচীৰ উদ্যোগত প্ৰাণৰ শিল্পী প্রয়াত জুবিন গাৰ্গদেৱৰ স্মৃতিত ১০০ জোপা নাহৰ গছৰ পুলি বিতৰণ কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। Share this:FacebookX Related Post navigation মুক্তিৰ পূৰ্বে ৰাজ্যজুৰি তোলপাৰ লগাইছে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি