পশ্চিমবংগ বিধানসভা নিৰ্বাচনত গেৰুৱা বাহিনীৰ অভূতপূৰ্ব উত্থানৰ পাছতো পৰাজয় স্বীকাৰ কৰিবলৈ মান্তি হোৱা নাই তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জী। সোমবাৰে ঘোষিত ফলাফলত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি ৰাজ্যখনত ১৫ বছৰীয়া তৃণমূলৰ শাসনৰ অন্ত পেলায় যদিও মমতা বেনার্জীয়ে এই ফলাফলক জনমতৰ সলনি এক গভীৰ ষড়যন্ত্ৰ বুলিহে অভিহিত কৰে। সংবাদমেল সম্বোধন কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে। তৃণমূল নেত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰি দাবী কৰে যে তেওঁলোকৰ যুঁজ বিজেপিৰ বিৰুদ্ধে নহয়, বৰঞ্চ আয়োগৰ বিৰুদ্ধেহে আছিল। তেওঁৰ মতে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰিছিল আৰু ভোটগণনা প্ৰক্ৰিয়াত ব্যাপক খেলিমেলিৰ আশ্ৰয় লৈছিল। বেনার্জীয়ে অভিযোগ কৰে যে প্ৰায় ১০০ খন আসনত জনমত লুণ্ঠন কৰা হৈছে আৰু তেওঁৰ দলৰ কৰ্মীসকলক হতাশ কৰিবলৈ গণনাৰ গতি লেহেমীয়া কৰা হৈছিল। পদত্যাগৰ প্ৰসংগত তেওঁ কয়, “আমি জনমতৰ ওচৰত নহয়, বৰঞ্চ এটা ষড়যন্ত্ৰৰ ওচৰতহে হাৰিছোঁ, সেয়েহে পদত্যাগৰ কোনো প্ৰশ্নই নুঠে”। তেওঁ লগতে চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে তেওঁলোকৰ বিৰুদ্ধে সাংবিধানিক নিয়ম অনুসৰি যিকোনো ব্যৱস্থা ল’ব পাৰে, কিন্তু তেওঁ স্বেচ্ছাই লোক ভৱনলৈ নাযায়। বেনার্জীয়ে নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে ১০ জনীয়া এক তথ্য অনুসন্ধান কমিটি গঠনৰ কথাও ঘোষণা কৰে। ইফালে, নিৰ্বাচনী ফলাফলৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে মমতা বেনার্জীৰ সৈতে যোগাযোগ কৰি সমৰ্থন আগবঢ়াইছে। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও তেওঁৰ সৈতে কথা পাতি একাত্মতা প্ৰকাশ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। বেনার্জীয়ে এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিত বিৰোধী ঐক্য শক্তিশালী কৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। Share this:FacebookX Related Post navigation সিতাৰাম ছহ্বছহাৰীয়া মেম’ৰিয়েল অনূৰ্দ্ধ-১৯ টুৰ্ণামেণ্টত অংকুৰজ্যোতি ক্লাবক ৭ উইকেটত হৰুৱাই আক্ৰীদা চেণ্টাৰ অফ এক্সিলেন্স সেমিফাইনেলত ইভিএম সুৰক্ষা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ; মমতা বেনার্জীৰ অভিযোগ খাৰিজ বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ