গোপন সূত্ৰৰ পম খেদি চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল কামৰূপ জিলা আৰক্ষী। জিলাখনৰ নগৰবেৰা থানাৰ অন্তৰ্গত কল্যাণপুৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ চাৰিজন কুখ্যাত সৰবৰাহকাৰীক হাতে-লোটে আটক কৰে।

বকো-ছয়গাঁও সংমণ্ডলৰ সহকাৰী আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ এক গোপন তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। সেই তথ্য অনুসৰি, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতা আৰু নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কল্যাণপুৰৰ এটা আৱাসিক গৃহত নিশাৰ ভাগত স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত তালাচী চলায়।

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে দুটা পাত্ৰৰ পৰা মুঠ ৭২ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন আৰু আন ৩০ টা ভায়েলত ভৰ্তি ৫৫ গ্ৰাম ওজনৰ হেৰ’ইন উদ্ধাৰ কৰে। ইয়াৰ উপৰিও ঘটনাস্থলীৰ পৰা ১৫৭ টা খালি ভায়েল বা কন্টেইনাৰ, চাৰিটা ম’বাইল হেণ্ডছেট আৰু নগদ ৩,২৪০ টকা আৰক্ষীয়ে জব্দ কৰে।

আটক কৰা ব্যক্তিকেইজনক কল্যাণপুৰৰ বাসিন্দা ক্ৰমে জহাদুল ইছলাম, জমিৰণ নেছা, তহিদুল আলী আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মহম্মদ জামাল বাদশ্বাহ বুলি চিনাক্ত কৰা হৈছে। আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি সকলো সামগ্ৰী জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *