জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পই অসমৰ কেইবাখনো নদীৰ গতিপথ সলনি কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত পলস পেলাই নদীৰ গভীৰতা হ্ৰাস কৰিছিল। পৰৱৰ্তী সময়ত বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও এই পদক্ষেপৰ দীৰ্ঘম্যাদী উপযোগিতাক লৈ এতিয়াও প্ৰশ্ন থাকি গৈছে। পূৰ্বতে বানপানীয়ে প্ৰাকৃতিকভাৱে খেতিপথাৰত পলস পেলাই সাৰুৱা কৰাৰ লগতে বিল, জলাশয় আৰু নদীসমূহ মাছ-পুঠিৰে ভৰাই তুলিছিল; কিন্তু বৰ্তমান বানৰ স্বভাৱ সম্পূৰ্ণ সলনি হৈ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাঠামোগত চুক্তি, কিয়’ট’ প্ৰট’কল আৰু পেৰিছ চুক্তিৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ কথা সোঁৱৰাই দি সংগঠনটোৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অতিপাত বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানৰ প্ৰতি অত্যন্ত সংবেদনশীল হৈ পৰা বুলি উদ্বেগ প্ৰকাশ কৰে। শেহতীয়াকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা আকস্মিক বানক ইয়াৰ প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰা হয়। উজনি অঞ্চলৰ নদী ব্যৱস্থাত চলি থকা বৃহৎ নদীবান্ধ, খনিজ সম্পদ খনন, পথ সম্প্ৰসাৰণ আৰু ৰে’লপথ নিৰ্মাণে অসমলৈ নামি অহা পানীৰ গতিবেগ বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে নাগৰিক সন্মিলনে। প্ৰকৃতিৰ বহনক্ষমতাক আওকাণ কৰি কৰা এনে কাম-কাজৰ প্ৰতিবাদ জনাই ২০২৩ চনৰ হাফলঙৰ ভয়ংকৰ বানৰ উদাহৰণ দাঙি ধৰি কোৱা হয় যে পানীৰ প্ৰাকৃতিক প্ৰবাহত বাধা দিলে বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰে। অৰণ্য, বিল আৰু জলাশয়সমূহে পানী ধৰি ৰাখি গতি মন্থৰ কৰাত সহায় কৰে; কিন্তু পানী কৃত্ৰিমভাৱে আবদ্ধ কৰি হঠাতে এৰি দিলে ই চৰম ধ্বংসলীলা চলায়। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল সংকুচিত কৰাৰ বিৰোধিতা কৰি জৈৱিক সুৰক্ষা অটুট ৰখাৰ সমান্তৰালকৈ সংৰক্ষিত অঞ্চলৰ ওচৰ-পাজৰৰ স্থানীয় লোকসকলৰ ন্যায়সংগত প্ৰয়োজনীয়তাসমূহো সমাধানৰ দাবী জনায়। অসমৰ এই জটিল বান আৰু পৰিৱেশ সংকটৰ স্থায়ী সমাধানৰ লক্ষ্যৰে সংগঠনটোৱে পৰিৱেশবিদ, বন বিশেষজ্ঞ, অভিযন্তা, নদী বিশেষজ্ঞ, ভূতত্ত্ববিদ, ইতিহাসবিদ, সমাজ বিজ্ঞানী, বানাক্ৰান্ত ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিক লৈ এখন বৃহৎ কনভেনচন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্মিলনত উত্তৰ-পূবৰ উন্নয়নৰ আৰ্হি, নদীবান্ধ, বনধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আদি বিষয়সমূহ বিস্তৃতভাৱে আলোচনা কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এখন বিশেষজ্ঞ সমিতি গঠন কৰি চৰকাৰলৈ দীৰ্ঘম্যাদী সমাধানৰ পৰামৰ্শ আগবঢ়োৱা হ’ব। অসম নাগৰিক সন্মিলনৰ হৈ এই বিবৃতি প্ৰেৰণ কৰে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে। Share this:FacebookX Related Post navigation নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা; কামৰূপত বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক