উৎসৱমুখৰ পৰিৱেশৰ মাজতে হঠাৎ নামি অহা এক শোকাৱহ দুৰ্ঘটনাই কঁপাই তুলিলে বিহাৰৰ পশ্চিম চম্পাৰণ জিলা। পথৰ কাষত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজত নিয়ন্ত্ৰণ হেৰুওৱা এখন বাছ সোমাই পৰাৰ ফলত কমেও পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হয়। জিলাখনৰ লৌৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত পৰৌ তোলাৰ লৌৰিয়া পথত শুকুৰবাৰে নিশা প্ৰায় ১০:৪৫ বজাত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়।

নৰকটিয়াগঞ্জৰ মহকুমা আৰক্ষী বিষয়া অজয় প্ৰকাশ সিঙে জানিবলৈ দিয়া অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে হ’বলগীয়া মুখামুখী সংঘৰ্ষ এৰাবলৈ যাওঁতে যাত্ৰীবাহী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত বাছখনে পথৰ দাঁতিত চলি থকা সাংস্কৃতিক অনুষ্ঠানটোৰ দৰ্শকসকলক মহতিয়াই লৈ যায়। এই দুৰ্ঘটনাত পাঁচজন পুৰুষৰ থিতাতে মৃত্যু ঘটে আৰু আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাত জড়িত বাছ আৰু ট্ৰাক দুয়োখন বাহন জব্দ কৰিছে। বিশৃংখল পৰিস্থিতিৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰা দুয়োখন বাহনৰ চালকক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *