চিকিৎসাৰ নামত চলি থকা ভুৱা প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ হৈছে কাছাৰ আৰক্ষী। বিগত কিছুদিন ধৰি জিলাজুৰি অব্যাহত থকা বিশেষ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে পুনৰ দুজন কথিত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পৃথক দুটা গোচৰৰ ভিত্তিত চলোৱা এই অভিযানত সোনাই আৰু শিলচৰ আৰক্ষীয়ে দুয়োজন অভিযুক্তক আটক কৰে। আৰক্ষীৰ তথ্য অনুসৰি, সোনাই থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত কচুদাৰাম থানাৰ অন্তৰ্গত বান্টাৰাপুৰ নিবাসী ৫৩ বছৰীয়া বিশ্বজিৎ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, শিলচৰ থানাত ৰুজু হোৱা আন এটা গোচৰৰ ভিত্তিত তাৰাপুৰৰ মণিপুৰবস্তি নিবাসী ২৬ বছৰীয়া বিক্ৰম সিঙকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

দুয়োৰে বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২), ৩১৯(২), ৩৩৬(২), ৩৪০(২), ১২৫ আৰু ২৭১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

কাছাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, স্বাস্থ্য খণ্ডত ভুৱা চিকিৎসাৰ জৰিয়তে চলি থকা প্ৰৱঞ্চনা বন্ধ কৰাৰ লগতে সাধাৰণ ৰাইজৰ জীৱন আৰু স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ এই বিশেষ অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *