প্ৰেমৰ সম্পৰ্ক এটা লুকুৱাই ৰাখি পৰিয়ালৰ সিদ্ধান্তমতে আন এজন যুৱকৰ সৈতে বিয়াৰ প্ৰস্তুতি চলিছিল ছিয়াৰ। সেই দ্বন্দ্বৰ মাজতেই সংঘটিত হৈছিল কেতন আগৰৱাল হত্যাকাণ্ড। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। আৰক্ষীয়ে সদৰি কৰা মতে, অভিযুক্ত ছিয়া গোৱেলৰ সহ-অভিযুক্ত চেতন চৌধুৰীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে পৰিয়ালৰ অন্ততঃ কেইবাজনো সদস্যই পূৰ্বৰে পৰা জানিছিল।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত এখন ক্ৰিকেট প্ৰতিযোগিতাৰ সময়তে চেতন চৌধুৰীৰ সৈতে ছিয়াৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে গোৱাল পৰিয়ালে অৱগত হৈছিল। কিন্তু দুয়োটা পৰিয়ালৰ আৰ্থিক বৈষম্যৰ বাবে সেই সম্পৰ্কক গুৰুত্ব নিদি বিত্তশালী আগৰৱাল পৰিয়ালৰ সৈতে ছিয়াৰ বিয়া ঠিক কৰা হৈছিল।

তদন্তকাৰী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে, পৰিয়ালৰ নিৰ্ধাৰিত বিয়া আৰু গোপন প্ৰেমৰ সম্পৰ্কৰ সংঘাতেই এই হত্যাকাণ্ডৰ মূল কাৰণ।

ইফালে, শুকুৰবাৰে প্ৰায় দহ ঘণ্টা ধৰি জেৰা কৰা হয় ছিয়াৰ ভাতৃ চাহিল গোৱেলক। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, চাহিলে ভগ্নীৰ সৈতে চেতন চৌধুৰীৰ সম্পৰ্কৰ বিষয়ে জানিছিল। তেওঁ এই তথ্য আন পৰিয়ালৰ সদস্যক জনাইছিল নেকি, সেই বিষয়েও তদন্ত চলাই আছে আৰক্ষীয়ে।

তদন্তকাৰীসকলে জনোৱা মতে, লোহাগড় দুৰ্গত সংঘটিত ঘটনাৰ পূৰ্বে আৰু পিছতে ছিয়া আৰু চেতন দুয়োজনে নিজৰ মোবাইল ফোনৰ একাধিক বাৰ্তা ডিলিট কৰিছিল। সেই ডিলিট কৰা বাৰ্তাসমূহ উদ্ধাৰৰ বাবে দুয়োৰে মোবাইল ফোন ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ছয় মাহত ছিয়া আৰু চেতনৰ মাজত ২,০০৪ বাৰ ফোনযোগে যোগাযোগ হৈছিল। মুঠ কথোপকথনৰ সময় আছিল প্ৰায় ২৩৮ ঘণ্টা। ঘটনাৰ দিনাও দুয়োজনে এখন কেফেত সাক্ষাৎ কৰি লোহাগড় দুৰ্গত কেতনক ঠেলি পেলাবলগীয়া স্থান আৰু পৰিকল্পনা চূড়ান্ত কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে।

ইফালে, আৰক্ষীৰ জেৰাত ছিয়াই কেতনৰ হেয়াৰ পেচ ব্যৱহাৰ কৰাটো অপছন্দ কৰিছিল বুলি স্বীকাৰ কৰাৰ দাবী কৰিছে তদন্তকাৰীসকলে। এই সন্দৰ্ভত কেতনৰ পিতৃয়ে কয়, “মোৰ পুত্ৰই হেয়াৰ পেচ ব্যৱহাৰ কৰিছিল বুলিয়েই তাক হত্যা কৰাৰ কোনো যুক্তি হ’ব নোৱাৰে। যদি সেই কথা অপছন্দ আছিল, তেন্তে বিয়াখন নাকচ কৰিব পাৰিলেহেঁতেন।”

আনহাতে, ছিয়াৰ মাতৃয়ে দাবী কৰিছে যে, ১৮ জুনত লোহাগড় দুৰ্গলৈ যাবলৈ ছিয়া অনিচ্ছুক আছিল। তেওঁৰ ভাষ্য অনুসৰি, ১৭ জুনৰ সন্ধিয়া কেতন আৰু তেওঁৰ মাতৃয়ে ছিয়াক একেলগে দুৰ্গলৈ যাবলৈ অনুৰোধ কৰিছিল। পিছদিনা আন এটা পাৰিবাৰিক অনুষ্ঠান থকাৰ বাবে জিৰণি ল’ব বিচাৰিছিল ছিয়াই। কিন্তু পৰিয়ালৰ হেঁচাত শেষত তেওঁ যাবলৈ মান্তি হৈছিল।

কেতনৰ মৃত্যুক প্ৰথমে দুৰ্ঘটনা হিচাপে উপস্থাপন কৰা হৈছিল যদিও পৰৱৰ্তী তদন্তত আৰক্ষীয়ে ইয়াক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে। এই গোচৰত ছিয়া গোৱেল আৰু চেতন চৌধুৰী বৰ্তমান আৰক্ষী জিম্মাত আছে। তদন্ত অব্যাহত ৰাখিছে পুনে গ্ৰাম্য আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *