দেৱীৰ ওচৰত পূজা আগবঢ়াই ঘৰলৈ উভতি যোৱাৰ কথা আছিল। সেই উদ্দেশ্যেই একেলগে মন্দিৰলৈ গৈছিল পৰিয়ালটোৰ সদস্যসকল। কিন্তু পূজাৰ পিছত কাবেৰী নদীৰ পাৰত কটোৱা কেইটামান মুহূৰ্তই সলনি কৰি দিলে সকলো। নদীৰ সোঁতত এটাৰ পিছত এটাকৈ উটি গ’ল একেটা পৰিয়ালৰ চাৰিগৰাকী মহিলাসহ পাঁচজন। মুহূৰ্ততে আনন্দমুখৰ তীৰ্থযাত্ৰা পৰিণত হ’ল এক শোকাৱহ ঘটনালৈ। বুধবাৰে সন্ধিয়া কৰ্ণাটকৰ মাণ্ড্যা জিলাৰ মুথাথিৰ সমীপত কাবেৰী নদীত এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। নিহতসকল হৈছে ২০ বছৰীয়া চৈত্ৰা, ৩৮ বছৰীয়া শ্বেতা, ৫০ বছৰীয়া বিজয়াম্মা, ২৮ বছৰীয়া প্ৰিয়ংকা আৰু ভাড়াতীয়া বাহনখনৰ চালক মহেশ। আটাইকেইজনেই বেংগালুৰুৰ ব্যাডাৰাহল্লি অঞ্চলৰ বাসিন্দা। তেওঁলোকৰ ঘৰ মূলতঃ চন্নাপাটনাত। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, চাৰি বছৰীয়া এটি শিশুসহ পৰিয়ালটোৰ ছয়জন সদস্য তীৰ্থযাত্ৰাৰ উদ্দেশ্যে মাণ্ড্যা জিলালৈ গৈছিল। প্ৰথমে কাব্বালাম্মা মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত আবেলি প্ৰায় ৪ বজাত মুথাথিৰায়া মন্দিৰত উপস্থিত হয়। ইয়াৰ পিছতে কাষতে থকা কাবেৰী নদীত নামিছিল সকলোৱে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নদীৰ পাৰত পানী আঁঠুৰ সমান গভীৰ হোৱা বাবে তেওঁলোকে নদীখন অগভীৰ বুলি ধাৰণা কৰিছিল। যদিও কৰ্তব্যৰত হোম গাৰ্ডৰ জোৱানসকলে অধিক ভিতৰলৈ নাযাবলৈ সতৰ্ক কৰিছিল, তথাপিও ফটো তুলিবলৈ নদীৰ মাজলৈ আগবাঢ়ি যায়। তদন্তত পোহৰলৈ অহা অনুসৰি, প্ৰথমে বিজয়াম্মা নদীৰ গভীৰ অংশত পিছলি পৰি সোঁতৰ কবলত পৰে। তেওঁক উদ্ধাৰ কৰিবলৈ চৈত্ৰা, শ্বেতা আৰু প্ৰিয়ংকাই নদীত জঁপিয়াই দিয়ে। কিন্তু প্ৰবল পানীৰ সোঁতৰ বাবে আটাইকেইজন একেলগে উটি যায়। পৰিয়ালৰ আন এজন সদস্য ৰবিয়েও উদ্ধাৰৰ চেষ্টা চলায় পানীত নামে। স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চাৰি বছৰীয়া শিশুটিও অক্ষত অৱস্থাত ৰক্ষা পৰে। খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। প্ৰায় সন্ধিয়া ৭.৩০ বজাৰ ভিতৰত পাঁচোটা মৃতদেহ উদ্ধাৰ কৰি মাণ্ড্যা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। হালাগুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। নদীখনৰ প্ৰবল অন্তঃসোঁত আৰু গভীৰতাক অৱমূল্যায়ন কৰাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে। তদন্ত অব্যাহত আছে। Share this:FacebookX Related Post navigation পুনে হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য! চেতন-ছিয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিও ধনৰ বাবেই উপেক্ষা কৰিছিল পৰিয়ালে নতুন জীৱনৰ দিশে বিৰিণা; কৃত্ৰিম ভৰি সংস্থাপনে পূৰণ কৰিলে সপোন