অৱশেষত নতুন জীৱন লাভ কৰিলে বিৰিণাই। শিৱসাগৰ জিলাৰ ডিমৌৰ বিশেষভাৱে সক্ষম কিশোৰী বিৰিণা চাউৰাই অৱশেষত লাভ কৰিলে কৃত্ৰিম ভৰি। ইয়াৰ ফলত এতিয়াৰে পৰা আন বহুজনৰ দৰেই দুই ভৰিৰে খোজ কাঢ়িব পাৰিব আৰু দৈনন্দিন বহু কাম স্বাভাৱিকভাৱে সম্পন্ন কৰিব পাৰিব বিৰিণাই। কামৰূপ জিলাৰ আমিনগাঁৱৰ তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰত শুকুৰবাৰে বিৰিণাৰ শৰীৰত সফলতাৰে সংস্থাপন কৰা হয় বিশেষভাৱে প্ৰস্তুত কৰা কৃত্ৰিম ভৰি। সম্পূৰ্ণ বিনামূলীয়াকৈ এই সেৱা আগবঢ়ায় কেন্দ্ৰটোৱে। কৃত্ৰিম ভৰি সংস্থাপনৰ পাছতে কেন্দ্ৰটোত আবেগঘন পৰিৱেশৰ সৃষ্টি হয়। কেক কাটি বাফনা পৰিয়ালে বিৰিণাৰ এই বিশেষ দিনটো উদযাপন কৰে আৰু নতুন জীৱনৰ শুভেচ্ছা জনায়। উল্লেখ্য, কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন ভৰি সংস্থাপনৰ বাবে কাতৰ আহ্বান জনাইছিল বিৰিণাই। সেই সংবাদ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে আমিনগাঁৱৰ তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰৰ কৰ্তৃপক্ষই পৰিয়ালটোৰ সৈতে যোগাযোগ স্থাপন কৰে। তাৰ পিছতে প্ৰায় ১৫ দিন পূৰ্বে প্ৰথমবাৰৰ বাবে কেন্দ্ৰটোত উপস্থিত হৈছিল বিৰিণা। সেই সময়ত তেওঁৰ বাবে জোখ-মাখ লৈ বিশেষ কৃত্ৰিম ভৰি প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰটোত উপস্থিত হয় বিৰিণা। সফলভাৱে কৃত্ৰিম ভৰি সংস্থাপন কৰাৰ লগে লগে নতুন আশাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ হয় কিশোৰীগৰাকীৰ। উল্লেখ্য যে, বিগত ৩৬ বছৰত তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰই ১১ হাজাৰতকৈও অধিক ব্যক্তিৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি জনকল্যাণমূলক সেৱাৰ এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰি আহিছে। Share this:FacebookX Related Post navigation কাবেৰী নদীত ফটো তুলিবলৈ নামি একেটা পৰিয়ালৰ চাৰিগৰাকী মহিলাসহ পাঁচজনৰ সলিল সমাধি তিনিচুকীয়াত নিৰীহ লোকক হত্যাৰ পৰিকল্পনা; দুজন আলফা (স্বাধীন) সদস্য গ্ৰেপ্তাৰ