ফ্ৰাণ্সত জন্ম হৈছিল, তেওঁলোকে সেই দেশতে নিজৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁলোকে ইউ-২১ দলত খেলি ফ্ৰাণ্চৰ ৰাষ্ট্ৰীয় জাৰ্চিও পিন্ধিছিল। কিন্তু, পৰৱৰ্তী বিশ্বকাপত, ফ্ৰাণ্চৰ জাৰ্চিৰ পৰিৱৰ্তে এই দুই প্ৰতিভাবান খেলুৱৈক ইভৰি ক’ষ্টৰ জাৰ্চিত খেলতে দেখা যাব। এজন হ’ল ইয়াৰ ইন্তাৰ মিলানৰ ষ্ট্ৰাইকাৰ বনি আৰু আনজন হ’ল ২৩ বছৰীয়া ইলি ৱাহি। কোছ এমাৰ্ছ ফাএয়ে ইভৰি ক’ষ্টৰ বিশ্বকাপ দলত ২২ বছৰীয়া ইয়াৰ ইন্তাৰ মিলানৰ ষ্ট্ৰাইকাৰ বনি আৰু ২৩ বছৰীয়া ইলি ৱাহিক অন্তৰ্ভুক্ত কৰিছে। বনি ফ্ৰাণ্চত জন্ম হ’লেও ইভৰি ক’ষ্ট তেওঁৰ পূৰ্বপুৰুষৰ ভূমি। পৰাৰ্থকতা সলনি কৰাৰ বাবে আবেদন কৰাৰ পাছত গত বছৰৰ শেষৰ ভাগত ফিফাই ৮ মে’ তাৰিখে অনুমতি দিয়ে। আনহাতে, ইলি ৱাহিয়ে এই বছৰৰ আৰম্ভণিতে দেশ সলনি কৰিছে। ষ্কটলাণ্ডৰ বিৰুদ্ধে এটা প্ৰীতি ম্যাচত ইভৰি ক’ষ্টৰ জাৰ্চিত ৱাহিয়ে প্ৰথম প্ৰদৰ্শন কৰে। দুয়োজন খেলুৱৈয়ে ফ্ৰাণ্চ দলত ঠাই পোৱাৰ কোনো সম্ভাৱনা নথকা বাবেই দেশ সলনি কৰাৰ সিদ্ধান্ত লয়। বিশ্বকাপত খেলা দুয়োজনৰে এটি জীৱনৰ লক্ষ্য। ৪ জুনত ফ্ৰাণ্চৰ বিৰুদ্ধে এটা ৱাৰ্ম-আপ ম্যাচ খেলিব ইভৰি ক’ষ্টে। এই ম্যাচত দুয়োজনে জন্মস্থান ফ্ৰাণ্চৰ বিৰুদ্ধে খেলাৰ সুযোগ পাব। এই বিশ্বকাপত ইভৰি ক’ষ্ট ইকুৱেডৰ, জাৰ্মানী আৰু কুৰাচাওৰ লগত এটা গোটত আছে। Share this:FacebookX Related Post navigation প্ৰভসিমৰানৰ অৰ্ধশতক, অন্তিম মুহূৰ্তৰ দ্ৰুত সংগ্ৰহেৰে পঞ্জাৱ কিংছ ২০০/৮ লৈ উন্নীত প্লে অফত স্থান নিশ্চিত কৰা প্ৰথম দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু