চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঁচ উইকেটত লাভ কৰা ৰোমাঞ্চকৰ বিজয়ৰ পাছত ছানৰাইজৰ্ছ হায়দৰাবাদৰ সহকাৰী প্ৰশিক্ষক জেমছ ফ্ৰেংকলিনে ঈশান কিষাণৰ মেচ বিজয়ী ইনিংছটোক মুক্তকণ্ঠে প্ৰশংসা কৰে। এই বিজয়ৰ সৈতে তেওঁলোকৰ দলে আই পি এলৰ প্লে-অফতো স্থান সুৰক্ষিত কৰে।এটা কঠিন, লেহেমীয়া গতিৰ পিটচত—য’ত বেটছমেনসকল অসুবিধাৰ সন্মূখীন হৈছিল আৰু ৰান সংগ্ৰহ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল, তাত ঈশানে ৪৭ টা বলত ৭০ ৰানৰ এক অনবদ্য ইনিংছ উপহাৰ দিয়ে।তেওঁৰ এই ইনিংছে কেৱল খেলখনৰ গতিকেই সলনি কৰা নাছিল, বৰঞ্চ এক কঠিন পিটচত ৰান সংগ্ৰহ কৰাটো অত্যন্ত সহজ কৰি তুলিছিল, যিয়ে শেষলৈ খেলৰ গতিপথ সম্পূৰ্ণ সলনি কৰি দিয়ে।”হয়, মই ভাবো এই ছিজনত ঈশানে আমাৰ বাবে চমৎকাৰ প্ৰদৰ্শন কৰিছে। অলপতে ভাৰতীয় দলৰ হৈও তেওঁ সুন্দৰ খেলিছিল আৰু সেই ফৰ্মকে তেওঁ এই আই পি এললৈও কঢ়িয়াই আনিছে। যদি আপুনি চলিত বৰ্ষৰ আই পি এলত ঈশানৰ প্ৰদৰ্শনক লক্ষ্য কৰে, তেন্তে মই ক’ব পাৰো যে এইটোৱেই আছিল তেওঁৰ শ্ৰেষ্ঠ ইনিংছ,” চিএছকে (CSK)ৰ বিৰুদ্ধে পাঁচ উইকেটৰ বিজয়ৰ পাছত ফ্ৰেংকলিনে এইদৰে কয়। উল্লেখ্য যে, এই পৰাজয়ে পাঁচবাৰৰ চেম্পিয়ন দলটোৰ এই ছিজনৰ আশাত মোক্ষম আঘাত হানিছে।“খেলৰ পৰিস্থিতি আৰু পিটচৰ কথা ক’বলৈ গ’লে, আমি সাধাৰণতে আই পি এলত এনেকুৱা ফ্লেট বা সমান পিটচত খেলি অভ্যস্ত যিবোৰ পাৱাৰ-হিটিঙৰ বাবে উপযোগী। কিন্তু আজি বেটছমেনসকলে এক বেলেগ ধৰণে নিজৰ ইনিংছটো গঢ়িবলগীয়া হৈছিল।”“আৰু মই ভাবো আজি ঈশানৰ ইনিংছটো পৰিপক্কতাৰে ভৰা আছিল। তেওঁ পৰিস্থিতি বুজি পাইছিল আৰু সেই অনুসৰি কি কৰা উচিত তাক সঠিকভাৱে কৰি দেখুৱাইছিল। আৰু নিশ্চিতভাৱে, তেওঁ যিমান পাৰে গভীৰলৈ গৈ সম্পূৰ্ণ ২০ অভাৰ পৰ্যন্ত খেলিছিল।”ইশান আৰু ক্লাছেনৰ (৪৭ ৰান) ৭৫ ৰানৰ পাৰ্টনাৰশ্বিপটোৱে আৰম্ভণিতে ধাক্কা খোৱাৰ পাছতো নিজৰ সংযম বজাই ৰাখি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয়নো তাৰ পূৰ্বেই ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা কম ৰানতে আউট হৈছিল। এটা লেহেমীয়া পিটচত য’ত ডাঙৰ শ্বট খেলাটো কঠিন আছিল, এই যুটিটোৱে খেলখন নিয়ন্ত্ৰণলৈ আনিবলৈ কঠিন পৰিস্থিতিৰ সৈতে ধৈৰ্য্যসহকাৰে মোকাবিলা কৰে।“ক্লাছেনৰ সৈতে ঈশানৰ পাৰ্টনাৰশ্বিপটো আছিল অপূৰ্ব। এই আই পি এলত ক্লাছেনৰ অৱদানো আমাৰ বাবে অপৰিসীম হৈ পৰিছে। মই ভাবো সমগ্ৰ আই পি এলৰ ভিতৰতে এইটো এটা শ্ৰেষ্ঠ মিডল-অৰ্ডাৰ বেটিঙৰ প্ৰদৰ্শন। আপোনালোকে দেখিবলৈ পাব যে বৰ্তমান সময়ত ক্লাছেনে পৰিস্থিতি বুজি কিদৰে খেল আগুৱাই লৈ গৈছে আৰু স্ক’ৰবোৰ ইতিবাচকভাৱে সলনি কৰি আছে,” ফ্ৰেংকলিনে কয়।ফ্ৰেংকলিনে লগতে মত প্ৰকাশ কৰে যে এনেকুৱা এটা পিটচত চিএছকে (CSK) দলে ১৮০ ৰানৰ লক্ষ্য বান্ধি দি নিজৰ বলিং আক্ৰমণেৰে তাক ডিফেণ্ড কৰিবলৈ সক্ষম হ’লহেঁতেন। কিন্তু তেওঁ অনুভৱ কৰে যে এছ আৰ এইচ (SRH)ৰ বলাৰসকলে অন্ততঃ ২০ ৰান বেছিকৈ এৰি দিলে। – পিটিআই (PTI) Share this:FacebookX Related Post navigation পাকিস্তানৰ বিৰুদ্ধে টেষ্টত ক্লীন ছুইপ বাংলাদেশৰ মোহামেডান এছ চিৰ বিৰুদ্ধে সহজ বিজয়েৰে ছিজন সমাপ্ত কৰিলে এন ই ইউ এফ চি (NEUFC) এ