অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *