ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে বিশেষ ঘোষণা কৰিলে অসম চৰকাৰে। বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিবলৈ সুবিধা কৰি দি নিৰ্দিষ্ট কেইটামান দিন গুৱাহাটীৰ ৰেষ্টুৰেণ্টসমূহ নিশা ৩.৩০ বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে, ফুটবলে বিশ্বজুৰি কোটি কোটি মানুহক এক সূত্ৰত বান্ধে। সেইবাবে গুৱাহাটীৰ ফুটবল অনুৰাগীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ১৫, ১৬, ১৯ আৰু ২০ জুলাই গুৱাহাটীত ৰেষ্টুৰেণ্টসমূহ নিশা ৩.৩০ বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক ক্ষমতা দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, আন জিলাসমূহতো যদি ৰেষ্টুৰেণ্ট সন্থাই আবেদন জনায় আৰু জনসাধাৰণৰ চাহিদা থাকে, তেন্তে সংশ্লিষ্ট জিলা প্ৰশাসনে একেধৰণৰ অনুমতি প্ৰদান কৰিব পাৰিব। তেওঁ ফুটবল অনুৰাগীসকলক দায়িত্বশীলভাৱে বিশ্বকাপৰ আনন্দ উপভোগ কৰিবলৈও আহ্বান জনায়। উল্লেখ্য যে, প্ৰথমখন ছেমিফাইনেলত স্পেইনে ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ’ব। এই খেলখনৰ বিজয়ী দলে ফাইনেলত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, ফ্ৰান্সে তৃতীয় স্থান নিৰ্ধাৰণী খেলত দ্বিতীয় ছেমিফাইনেলৰ পৰাজিত দলটোৰ সন্মুখীন হ’ব। Share this:FacebookX Related Post navigation ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই জালুকবাৰী আৰু পলাশবাৰী সমষ্টিৰ জনজাতীয় বেষ্টনীৰ চাৰে সাত শতাধিক গাঁৱক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ