২০২৬ চনৰ ফিফা বিশ্বকাপত সোমবাৰে পুৱতি নিশা এক ডাঙৰ বিপৰ্যয় সৃষ্টি কৰি নৰৱেই শক্তিশালী ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰে। এই ঐতিহাসিক জয়ৰ সৈতে নৰৱেই পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলগীয়া হৈছে।নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ডে খেলৰ শেষৰফালে দুটাকৈ গুৰুত্বপূৰ্ণ গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। খেলৰ ৭৯ মিনিটলৈকে ব্ৰাজিলে হালেণ্ডক গ’ল কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল, কিন্তু তাৰ পিছত হালেণ্ডৰ আক্ৰমণে খেলৰ গতি সলনি কৰি দিয়ে। খেলৰ ৭৯ নম্বৰ মিনিটত এটা সুন্দৰ হেডাৰেৰে হালেণ্ডে নৰৱেক ১-০ ব্যৱধানত আগুৱাই লৈ যায়। ইয়াৰ ঠিক ১১ মিনিট পিছত, তেওঁ নিজৰ দ্বিতীয়টো গ’ল দি নৰৱেক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । উল্লেখ্য যে খেলৰ প্ৰথমাৰ্ধতে ব্ৰাজিলে এটা পেনাল্টি লাভ কৰিছিল, কিন্তু ব্ৰুনো গুইমাৰেছৰ শ্বটটো নৰৱেৰ গ’লৰক্ষক অৰ্জান নীলেণ্ডে সুন্দৰভাৱে ৰক্ষা কৰে। খেলৰ অতিৰিক্ত সময়ত নেইমাৰে এটা পেনাল্টিৰ জৰিয়তে ব্ৰাজিলৰ হৈ একমাত্ৰ গ’লটো কৰে, কিন্তু সেয়া দলক পৰাজয়ৰ পৰা ৰক্ষা কৰিবলৈ পৰ্যাপ্ত নাছিল। এই পৰাজয়ৰ ফলত ১৯৯০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰাজিল কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বেই বিশ্বকাপৰ পৰা বিদায় মাগিলে। খেলৰ শেষত ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰক আৱেগিক হৈ কান্দি থকা দেখা যায়। নৰৱেৰ প্ৰশিক্ষক ষ্টেল ছ’লবাকেনে কয় -মই খেলুৱৈসকলক কৈছিলো যে আমাৰ হাতত সুযোগ আছে আৰু আমাৰ মেচ উইনাৰসকলে আজি সেয়া প্ৰমাণ কৰি দেখুৱালে। বৰ্তমান হালেণ্ডে এই বিশ্বকাপত মুঠ ৭টা গ’ল দি কাইলিয়ান এমবাপে আৰু লিয়োনেল মেছিৰ সৈতে গোল্ডেন বুটৰ দৌৰত শীৰ্ষত আছে। আগন্তুক ১১ জুলাইত মিয়ামিত অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলত নৰৱেই ইংলেণ্ড অথবা মেক্সিকোৰে মুখামুখি হ’ব। Share this:FacebookX Related Post navigation বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়া ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন