অসমত নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা ‘ড্ৰাগছ বিৰোধী যুদ্ধ’ই যোৱা পাঁচ বছৰত এক বৃহৎ সফলতা লাভ কৰিছে। ১ জানুৱাৰীত সামাজিক মাধ্যমযোগে এক পৰিসংখ্যা দাঙি ধৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে যোৱা পাঁচ বছৰত ৰাজ্যখনত ২,৯১৯ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ২৩,০০০ তকৈও অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি, ২০১১ চনৰ পৰা ২০১৬ চনলৈ জব্দ হোৱা ৪০০ কোটি টকাৰ ড্ৰাগছৰ তুলনাত বৰ্তমানৰ চৰকাৰৰ দিনত ড্ৰাগছ জব্দৰ পৰিমাণ সাত গুণতকৈও অধিক বৃদ্ধি পাইছে। বিশেষকৈ ২০২৫ বৰ্ষত ৪১৯.৪৭ কোটি টকা আৰু ২০২৪ চনত সৰ্বাধিক ৬৫৮.৭৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। জব্দ কৰা দ্ৰব্যসমূহৰ ভিতৰত ৮৭ কিলোগ্ৰাম হেৰোইন, ১,৩৮১.২ কিলোগ্ৰাম গাঞ্জা, ২৭.২৭ লাখ নিচাযুক্ত টেবলেট আৰু বুজন পৰিমাণৰ কফ চিৰাপ অন্তৰ্ভুক্ত আছে। উল্লেখ্য যে, ড্ৰাগছ নেটৱৰ্কৰ আৰ্থিক ভেটি ধ্বংস কৰিবলৈও প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল ২০২২ চনতে আফু খেতিৰ সৈতে জড়িত ৬৩৩ জন ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। ইফালে, ৰাজ্যত অপৰাধৰ হাৰ ২০২১ চনত প্ৰতি লাখ জনসংখ্যাত ৩৭৯ জনৰ পৰা ২০২৫ চনত ১২৩.৯ জনলৈ হ্ৰাস পাইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি, ভূ-সম্পত্তি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো চৰকাৰে বৃহৎ সফলতাৰ দাবী কৰিছে। বিভিন্ন উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজ্যত এতিয়ালৈকে ১,৪৫,০৪৫ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ১১ লাখ বিঘা মাটি বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত। চৰকাৰৰ এই ধাৰাবাহিক অভিযানে ৰাজ্যত আইন-শৃংখলা অটুট ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ কঁকাল ভাঙিবলৈ সক্ষম হৈছে বুলি সংবাদমেলত উল্লেখ কৰা হয়। Share this:FacebookX Related Post navigation কলাগুৰু ফাউণ্ডেশ্যনলৈ হস্তান্তৰ হ’ব জুবিনৰ শেষ ছবিৰ পৰা সংগৃহীত ২.৯০ কোটি টকা ৪০০ বছৰীয়া পৰম্পৰাৰ অন্ত! ডেনমাৰ্কত বন্ধ হ’ল চৰকাৰী ডাক সেৱা