উত্তৰ প্ৰদেশৰ নয়ডা ঔদ্যোগিক এলেকাত প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে নয়ডা শ্ৰমিকসকলে ২০,০০০ টকা দাবী কৰাটো লোভ নহয় বৰঞ্চ তেওঁলোকৰ অধিকাৰহে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে লিখিছে কালি নয়ডাৰ ৰাজপথত যিটো ঘটিল সেয়া আছিল এই দেশৰ শ্ৰমিকসকলৰ শেষ চিঞৰ, যাৰ প্ৰতিটো কণ্ঠক আওকাণ কৰা হৈছিল, যিসকলে সুধিবলৈ ভাগৰি পৰিছে। তেওঁ লিখিছে-নয়ডাত কাম কৰা এজন শ্ৰমিকে প্ৰতিমাহে ১২,০০০ টকা উপাৰ্জন কৰে আৰু ভাড়াত ৪,০০০-৭,০০০ টকা দিয়ে। তেওঁলোকে বাৰ্ষিক ৩০০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে ঘৰৰ মালিকে বছৰি ৫০০ টকা ভাড়া বৃদ্ধি কৰে। যেতিয়ালৈকে দৰমহা বৃদ্ধি নহয়, এই মুদ্ৰাস্ফীতিই জীৱনক ডিঙি চেপি ধৰে আৰু ঋণত ডুবাই পেলায়। এয়াই হৈছে বৰ্তমান ভাৰতৰ বাস্তৱ। দিনটোত ১২ ঘন্টা কাম কৰা, থিয় হৈ থকা, তথাপিও সন্তানৰ স্কুলৰ মাচুল পৰিশোধ কৰিবলৈ এতিয়াও ঋণ লোৱা শ্ৰমিকৰ দাবী, অযুক্তিকৰ নেকি ? প্ৰতিদিনে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰাজনে উন্নয়ন আনিছেনে? ৰাহুল গান্ধীয়ে লিখিছে-মই এই দেশৰ মেৰুদণ্ড আৰু এই চৰকাৰে বোজা বুলি গণ্য কৰা প্ৰতিজন শ্ৰমিকৰ সৈতে থিয় দিছো। মন কৰিবলগীয়া যে সোমবাৰে নয়ডাত শ্ৰমিকসকলে দৰমহা বৃদ্ধি কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কিছু বাহনত অগ্নিসংযোগ কৰে। Share this:FacebookX Related Post navigation মণিপুৰৰ ট্ৰংলোবি হত্যাকাণ্ডৰ এন আই এ তদন্তৰ দাবী; গৃহমন্ত্ৰীলৈ বিধায়কৰ পত্ৰ মণিপুৰৰ পাঁচ জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা পুনৰ বৃদ্ধি