মণিপুৰৰ ট্ৰংলোবিত সংঘটিত হত্যাকাণ্ডৰ উচ্চস্তৰীয় তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক আৰ কে ইম’ সিঙে। বিষ্ণুপুৰ জিলাৰ এই ঘটনাক অত্যন্ত মৰ্মান্তিক আখ্যা দি ১১-চাগলবন্দ সমষ্টিৰ বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এৰ দ্বাৰা এক সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ দাবী জনায়। সোমবাৰে প্ৰেৰণ কৰা এই পত্ৰখনত তেওঁ ৰাজ্যখনত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে এক ব্যাপক অভিযান চলোৱাৰ বাবেও কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে। সংঘাতজৰ্জৰ ৰাজ্যখনত জনসাধাৰণৰ হেৰুৱা আস্থা ঘূৰাই আনিবলৈ এন আই এৰ দৰে সংস্থাৰ নিৰপেক্ষ তদন্ত অতি জৰুৰী বুলি বিধায়কগৰাকীয়ে পত্ৰখনত বিশেষভাৱে উল্লেখ কৰিছে। কেৱল হত্যাকাণ্ডৰ তদন্তই নহয়, ৰাষ্ট্ৰীয় লোকপিয়লৰ পূৰ্বে মণিপুৰত বিশেষ নিৰ্বাচনী সংস্কাৰৰ প্ৰসংগও উত্থাপন কৰিছে বিধায়ক আৰ কে ইম’ সিঙে। হাজাৰ হাজাৰ লোক বৰ্তমান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা অৱস্থাত লোকপিয়ল অনুষ্ঠিত কৰিলে সঠিক তথ্য পোৱাটো সম্ভৱ নহয় বুলি তেওঁ দাবী কৰে। বিধায়কগৰাকীৰ মতে, ৰাজ্যখনত প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা এন আৰ চি উন্নীতকৰণ কৰি অবৈধ অনুপ্ৰৱেশকাৰীক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। আনহাতে, মণিপুৰৰ উপত্যকাৰ ৪০ টা বিধানসভা সমষ্টি খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণ কৰিবলৈ আৰ কে ইম’ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰীক এক বিশেষ প্ৰস্তাৱ আগবঢ়ায়। বৰ্তমান ‘সাধাৰণ’ শ্ৰেণীৰ অন্তৰ্ভুক্ত এই সমষ্টিসমূহ সংৰক্ষণ নকৰিলে অঞ্চলটোৰ জনগাঁথনিগত ভাৰসাম্য নষ্ট হোৱাৰ সম্ভাৱনা আছে। পাহাৰীয়া জিলাসমূহৰ দৰে উপত্যকাৰ সমষ্টিসমূহৰ ক্ষেত্ৰতো একে সাংবিধানিক সুৰক্ষা প্ৰদান কৰি ৰাজ্যখনৰ সামাজিক আৰু সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিবলৈ তেওঁ দাবী জনায়। মণিপুৰত স্থায়ী শান্তি আৰু সাংবিধানিক অখণ্ডতা বজাই ৰখাৰ বাবে এই সংস্কাৰসমূহ লোকপিয়লৰ পূৰ্বেই সম্পূৰ্ণ কৰিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। Share this:FacebookX Related Post navigation বিহাৰৰ ইটাভাটাত আৱদ্ধ ধুবুৰীৰ ৪৭ শ্ৰমিকক উদ্ধাৰ; মালিকক গ্ৰেপ্তাৰ নয়ডা শ্ৰমিকে ২০,০০০ টকা দাবী কৰাটো তেওঁলোকৰ অধিকাৰ: ৰাহুল গান্ধী