সংস্থাপনৰ সন্ধানত বিহাৰলৈ গৈ ইটাভাটাত আৱদ্ধ হৈ পৰা অসমৰ দুকুৰিৰো অধিক শ্ৰমিক অৱশেষত উভতিল ঘৰলৈ। বিহাৰ আৰক্ষীৰ সহযোগত ধুবুৰীৰ ৪৭ গৰাকী বঁধুৱা শ্ৰমিকক উদ্ধাৰ কৰি সোমবাৰে নিৰাপদে নিজ জিলালৈ ওভতাই অনা হয়। পুৰুষ, মহিলা আৰু শিশুসহ এই বৃহৎ দলটোক চাহাৰ্ছা আৰক্ষীয়ে দুখন বিশেষ বাছেৰে লৈ আহি ধুবুৰী আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে, চাহাৰ্ছা জিলাৰ কাহাৰা ব্লকৰ ‘ষ্টাৰ মাৰ্কা’ নামৰ ইটাভাটাটোত যোৱা প্ৰায় সাত মাহ ধৰি ধুবুৰীৰ এই লোকসকলক বন্দী কৰি ৰখা হৈছিল।

ইটাভাটাটোত শ্ৰমিকৰ ওপৰত চলোৱা পাশৱিক আক্ৰমণৰ অভিযোগত স্বত্বাধিকাৰী মহম্মদ ওৱাইচ কাৰ্ণিক ইতিমধ্যে বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সকলো শ্ৰমিক আৰু তেওঁলোকৰ সন্তানক সুকলমে ওভতাই অনাৰ কথা নিশ্চিত কৰিছে ধুবুৰীৰ শ্ৰম বিষয়া ৰবীন্দ্ৰ কুমাৰ শৰ্মাই। উল্লেখ্য যে, ভুক্তভোগী শ্ৰমিকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শ্ৰমিকসকলৰ ওপৰত অমানুষিক নিৰ্যাতন চলাই আহিছিল মালিক কাৰ্ণি ওৰফে চুন্নী মুখীয়াৰে।

উদ্ধাৰ হৈ অহা এই লোকসকলৰ মাজৰে ধুবুৰীৰ এৰাণজংগলা গাঁৱৰ এজন শ্ৰমিকৰ পত্নীক যোৱা ২৭ মাৰ্চত ইটাভাটাৰ মালিকে গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল। ইয়াৰ উপৰি শ্ৰমিকসকলক নিয়মীয়াকৈ শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে তেওঁলোকক পৰ্যাপ্ত খাদ্য আৰু আশ্ৰয়ৰ পৰাও বঞ্চিত কৰা হৈছিল। ভুক্তভোগী শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, তেওঁলোকক সামৰ্থ্যৰ বাহিৰত কাম কৰিবলৈ বাধ্য কৰাই মালিকে ইটাভাটাটোত চলাই আহিছিল চৰম শোষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *