পুনৰ আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবে গুৱাহাটী মহানগৰীৰ বাসিন্দাই গুৱাহাটী পৌৰ নিগমক আদায় দিব লাগিব মাচুল । পূৰ্বতে ঘৰুৱা আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবে পৌৰ নিগমে মাচুল লৈছিল যদিও মাজতে এই প্ৰক্ৰিয়া বন্ধ হৈ আছিল ।এইবাৰ পুনৰ মাচুল নিৰ্ধাৰণ কৰিছে গুৱাহাটী পৌৰ নিগমে । এইবাৰ প্ৰতিমাহে এটা পৰিয়ালৰ বাবে ৫০ টকাকৈ মাচুল ধাৰ্য কৰা হৈছে । পহিলা নবেম্বৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই মাচুল সংশ্লিষ্ট অঞ্চলৰ নিৰ্ধাৰিত স্বচ্ছতা সখীসকলে অনুমোদিত এপ ভিত্তিক ব্যৱস্থাৰ জৰিয়তে সংগ্ৰহ কৰিব । লগতে প্ৰতিমাহে নিৰ্ধাৰিত ৫০ টকা ব্যৱহাৰকাৰী মাচুল পৰিশোধ কৰিবলৈও পৌৰ নিগমে অনুৰোধ জনাইছে । Share this:FacebookX Related Post navigation নেপালৰ বানত নিখোঁজ ২১৩ ভাৰতীয়ক মৃত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ