অসমীয়া ভাষা-সাহিত্য আৰু সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱাৰ লক্ষ্যৰে ‘নিজৰ দিন’ পালন কৰিব অসম সাহিত্য সভাই। ব’হাগ বিহুৰ প্ৰথম দিনটোত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ ৫ হাজাৰগৰাকী জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনাব সাহিত্য সভাৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে। অহা ১৫ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত এই সম্বৰ্ধনা প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ইতিমধ্যে প্ৰতিটো শাখাকে নিৰ্দেশ দিছে সভাৰ কেন্দ্ৰীয় সমিতিয়ে।

ৰাজ্যৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতৰ প্ৰতিষ্ঠিত ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক তেওঁলোকৰ বাসগৃহলৈ গৈ জনোৱা হ’ব এই বিশেষ সন্মান। পৰম্পৰা অনুসৰি শৰাইত থুৰীয়া তামোল-পাণ, থলুৱা শিপিনীয়ে বোৱা গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক আদৰণি জনাবলৈ সাহিত্য সভাই ব্যাপক প্ৰস্তুতি চলাইছে। সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই কয়, “অসমীয়া সমাজখনক নিজৰ কৰ্মৰে সমৃদ্ধ কৰা ব্যক্তিসকলৰ প্ৰতি এয়া আমাৰ এক আন্তৰিক শ্ৰদ্ধাঞ্জলি। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা আৰু শাখা পৰ্যায়ৰ সদস্যসকলে পৰম্পৰাগত সাজ-পাৰ পিন্ধি এই অভিযানত অংশ ল’ব।”

কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰবাসী অসমীয়াসকলে ‘নিজৰ দিন’ পালনৰ বাবে সাজু হৈছে। বেংগালুৰু, দিল্লী, আহমেদাবাদ আৰু লণ্ডনৰ লগতে উত্তৰ আমেৰিকাতো সাহিত্য সভাৰ এই পদক্ষেপৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱা হ’ব। অৱশ্যে যিসকল ব্যক্তিয়ে পূৰ্বে এই সন্মান লাভ কৰিছে, তেওঁলোকক এইবাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ উপৰি সভাৰ কেন্দ্ৰীয় বা জিলা সমিতিৰ কোনো বৰ্তমানৰ সদস্যই এই সম্বৰ্ধনা গ্ৰহণ কৰিব নোৱাৰিব বুলিও সভাই স্পষ্ট কৰি দিছে।

সম্বৰ্ধনা অনুষ্ঠানৰ লগতে প্ৰতিটো পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰ সৈতে এক ১৫ মিনিটৰ চমু বাৰ্তালাপৰো আয়োজন কৰা হৈছে। এই সময়ছোৱাতে ২০২৫-২৭ বৰ্ষৰ সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে জনসাধাৰণক সভাৰ আজীৱন সদস্য হ’বলৈকো বিষয়ববীয়াসকলে আহ্বান জনাব। দেৱজিত বৰাই লগতে কয়, “এই সাংস্কৃতিক যাত্ৰাৰ জৰিয়তে আমি অসমীয়াৰ জাতীয় গৌৰৱ আৰু সামাজিক ঐক্য অধিক শক্তিশালী কৰিব বিচাৰিছোঁ। সমগ্ৰ কাৰ্যসূচীটোৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমৰ লগতে সভাৰ প্ৰচাৰ কোষত জমা দিব লাগিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *