অসমত বিধানসভা নিৰ্বাচনৰ পাছতে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ এক ব্যাপক আৰু সঠিক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে বৰ্তমান চলি থকা সংশোধন প্ৰক্ৰিয়াৰ তুলনাত আগন্তুক বিশেষ সংক্ৰান্তৰ তালিকা অধিক বিস্তৃত হ’ব। এসময়ত, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত জাননী প্ৰকাশ হোৱা নোহোৱাৰ বাবে নির্বাচন আয়োগে কেৱল বিশেষ সংশোধনৰ কাম হাতত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এন আৰ চি’ৰ স্থিতি স্পষ্ট নহ’লে, নির্বাচন আয়োগে পূৰ্ণ এছ আই আৰ চলোৱা নদাৰ বাবে বৰ্তমানৰ বিশেষ সংশোধনৰ কামক আদৰণি জনাইছে। বৰ্তমান চলি থকা বিশেষ সংশোধনৰ খচৰা তালিকাত ২,৫২,০১,৬২৪ গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে। জানুৱাৰী মাহৰ তুলনাত ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। গত বছৰৰ জানুৱাৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ৭,৮৬,৮৪১ গৰাকী নতুন নাম তালিকাত যোগ কৰা হৈছে, যাৰ বিপৰীতে ৪,৪৭,১৯৬ গৰাকী নাম কৰ্তন কৰা হৈছে। বুলিলৈ, নিৰ্বাচন আয়োগে জনাইছে যে সংশোধনৰ সময়ত ৪,৭৮,৯৯২ গৰাকী মৃত ভোটাৰ আৰু ৫,২৩,৬৮০ গৰাকী স্থানান্তৰিত ভোটাৰক চিনাক্ত কৰা হৈছে। যদিও এই নামসমূহ বৰ্তমানলৈকে তালিকাৰ পৰা সম্পূৰ্ণৰূপে বিলোপ কৰা হোৱা নাই। অহা ১০ ফেব্ৰুৱাৰীত অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত দাবী আৰু আপত্তিৰ ভিত্তিত নামসমূহ কৰ্তন কৰা হ’ব। Share this:FacebookX Related Post navigation জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ চিংগাপুৰ কৰ’নাৰ্ছ ক’ৰ্টত শুনানি শেষ, ১৩ ফেব্ৰুৱাৰীত ৰায় ভাৰতত বিক্ৰী হোৱা ৫০ হাজাৰ ইউনিট অতিক্ৰম কৰিলে কাইলাকে স্কোডাৰ বেষ্ট-চেলাৰ