এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা তথা ১২ বছৰীয়া ভতিজাক সুনীল সিঙো ৷ খুৰাকে পথাৰত ব্যস্ত থকাৰ সময়তে সুনীলে কাষতে থকা নদীত হাত ধুবলৈ নামি যায় ৷তেনেতে এটা ঘঁৰিয়ালে ১২ বছৰীয়া সুনীলক নদীৰ মাজলৈ টানি নিয়ে ৷ সুনীলে চিঞৰ-বাখৰ কৰাত সেই সময়ত পথাৰত থকা খুৰাকৰ লগতে আন কেবাজনো লোকে হাতত লাঠী-জোং লৈ নদীত ঘঁৰিয়ালটোৰ পিছ লয় ৷ কিন্তু তেতিয়ালৈ বহু পলম হৈ যায় ৷বহু চেষ্টাৰ অন্ততো কোনেও বচাব নোৱাৰিলে শিশুটিক ৷উত্তৰ প্ৰদেশৰ এই ঘটনাই সকলোকে আৱেগিক কৰি তুলিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *