lপ্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জনস্বাস্থ্য সেৱা আৰু ৰোগীৰ চিকিৎসা সুবিধা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়।

চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ‍্য অধীক্ষক ডাঃ বসন্ত কুমাৰ বৈশ্যই AIDS ৰ বাবে Integrated Counselling and Testing Centre (ICTC), ART Centre আৰু যক্ষ্মা ৰোগৰ Treatment Support Centre আৰু Detection Centre আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই কেন্দ্ৰসমূহৰ শুভাৰম্ভৰ ফলত মহানগৰৰ জনসাধাৰণে এইচ আই ভি (HIV) পৰীক্ষা আৰু পৰামৰ্শদান, ART চিকিৎসা সেৱা, চিকিৎসা সম্পৰ্কীয় সহায়-সহযোগিতা তথা যক্ষ্মা (TB) ৰোগ চিনাক্তকৰণৰ সুবিধা লাভ কৰিব পাৰিব। বিশেষকৈ HIV আৰু যক্ষ্মা ৰোগৰ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, চিকিৎসা আৰু ৰোগীৰ যত্নৰ ক্ষেত্ৰত এই কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই পদক্ষেপে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্বাস্থ্যসেৱাৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰাৰ লগতে ৰোগীসকলক একে স্থানতে প্ৰয়োজনীয় পৰীক্ষা, পৰামৰ্শ আৰু চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *