কেৱল ‘সন্মানৰ’ খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ’ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ’ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ পিছত মৃতদেহ ৰাজপথত পেলাই এক পথ দুৰ্ঘটনাৰ ভুৱা নাটক ৰচিছিল দুয়োজনে। কিন্তু আৰক্ষীৰ পুংখানুপুংখ তদন্তত পোহৰলৈ আহে এই পৰিকল্পিত হত্যাকাণ্ড।

আহমেদাবাদৰ সৰখেজ অঞ্চলৰ জুহাপুৰাৰ এখন চিকিৎসালয়ত অভ্যৰ্থনাৰক্ষী হিচাপে কৰ্মৰত আছিল ২২ বছৰীয়া ছোফিয়া ফাৰুক। প্ৰায় তিনি মাহ পূৰ্বে এজন যুৱকৰ সৈতে ছোফিয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াকে লৈ যুৱতীগৰাকীক কঠোৰ সকীয়নি দিছিল পিতৃ আৰু ভাতৃয়ে। কিন্তু অন্যান্য যুৱকৰ সৈতে কথা-বতৰা অব্যাহত ৰখাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ নামত তেওঁক হত্যাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰে দুয়োজনে।

প্ৰশাসনৰ তদন্তত পোহৰলৈ অহা অনুসৰি, যোৱা ১২ আগষ্টৰ নিশা ছোফিয়াক বাইকত তুলি ঘেলজিপুৰাৰ এটা নিৰ্জন স্থানলৈ লৈ যায় অভিযুক্ত ভাতৃ হাবিল ফাৰুকে। লগত আছিল ৫৬ বছৰীয়া পিতৃ মহম্মদ ফাৰুক নৱাবখান। হাবিলৰ পেণ্টত লুকুৱাই ৰখা হৈছিল এটা লোৰ হাতুৰী। নিৰ্জন স্থান পোৱাৰ পিছতে পিতৃৰ সহযোগত হাবিলে ছোফিয়াৰ মূৰত হাতুৰীৰে তিনিবাৰকৈ প্ৰচণ্ড আঘাত কৰে।

ইয়াৰ পিছতে গুৰুতৰভাৱে আহত চোফিয়াক ৰাজহুৱা পথলৈ আনি কোনো অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মৰা বুলি ভুৱা কাহিনী সৃষ্টি কৰে ভাতৃয়ে। ১৩ আগষ্টত ছোলা চিভিল হাস্পতালত চিকিৎসাধীন অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু ঘটে। আৰক্ষীৰ ওচৰত হিট এণ্ড ৰানৰ মিছা অভিযোগ দাখিল কৰিছিল অভিযুক্তই। কিন্তু আৰক্ষী পৰিদৰ্শক ইউ বি ঢাকাড়াই জনায় যে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ এই ষড়যন্ত্ৰ ৰচা হৈছিল। বৰ্তমান পিতা-পুত্ৰ উভয়ৰে বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *