সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ২০’ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক ‘আংকল’ বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰে যে ৰিয়াই এই ৰিয়েলিটি শ্ব’ৰ মঞ্চখন দেশবিৰোধী আৰু সনাতন-বিৰোধী মতাদৰ্শ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছিল। তেওঁ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো লক্ষ্য কৰি কয় যে বাঁওপন্থী আৰু মোদী-বিৰোধী একাংশৰ সমৰ্থন লৈ বিগ বছত সোমোৱাৰ চেষ্টা ৰাইজে ওফৰাই পেলাইছে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৰিয়া আহিৰে পুনাৱালাক মহিলাসকলক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে। পুনাৱালা তেওঁতকৈ দুগুণ বয়সৰ বুলি দাবী কৰি নিজ বয়সৰ পুৰুষৰ সৈতে ৰাজনীতি কৰিবলৈ পৰামৰ্শ দিয়ে মডেলগৰাকীয়ে। লগতে কোনো ৰাজনৈতিক ব্যক্তিৰ সৈতে নিজৰ সম্পৰ্ক নাই বুলিও তেওঁ স্পষ্ট কৰে। ইয়াৰ পিছতে পুনৰ সৰৱ হৈ পৰে পুনাৱালা। গণিত আৰু সাধাৰণ জ্ঞানৰ পাঠ শিকিবলৈ পৰামৰ্শ দি পুনাৱালাই কয়, “তুমি ২৮ বছৰীয়া, গতিকে তুমি কোনো সৰু ছোৱালী নোহোৱা। মোৰ বয়স ৩৮ বছৰ, অৰ্থাৎ তোমাৰ বয়সৰ দুগুণ নহয়। বিদ্যালয়ত গণিত তোমাৰ বাবে টান আছিল সেয়া স্পষ্ট। তুমি হয়তো মোক ৫৬ বছৰীয়া ৰাহুল গান্ধী বুলি ভুল কৰিছা।” এইদৰে বিগ বছৰ প্ৰতিযোগিতাক কেন্দ্ৰ কৰি দুয়োগৰাকীৰ মাজত সামাজিক মাধ্যমত সৃষ্টি হোৱা তীব্ৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে ব্যাপক চৰ্চা লাভ কৰিছে। Share this:FacebookX Related Post navigation ‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ