পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতি আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিত আক্ৰমণৰ ফলত বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাৰ ছৌদিত বহু ভাৰতীয় নাগৰিক আৰু উমৰা হজযাত্ৰী আৱদ্ধ হৈ আছে ।
আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক বিশেষকৈ উমৰা হজযাত্ৰীসকলক আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে চৰকাৰে ছৌদি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে ৷ ভাৰতে শনিবাৰে এক নতুন পৰামৰ্শ জাৰি কৰি এই তথ্য নিশ্চিত কৰে ৷জেদ্দাত থকা ভাৰতীয় কনছুলেটে কয় যে জেদ্দা আৰু মক্কাত থকা তেওঁলোকৰ ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষসমূহে সামূহিক সংগঠন আৰু স্বেচ্ছাসেৱকৰ সহযোগত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।কনছুলেটটোৱে কয় যে প্ৰয়োজন সাপেক্ষে আৰু সম্ভৱপৰ সময়ত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক খাদ্য, অত্যাৱশ্যকীয় ঔষধ আৰু অন্যান্য জৰুৰী প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *