ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ’ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বোৱাৰী শালুক।

যোৱা শনিবাৰে নিশা কানপুৰৰ নিজ এপাৰ্টমেণ্টৰ ভিতৰত ৬৩ বছৰীয়া ব্যৱসায়ী বিনীত মিনোচাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চি চি টিভি ফুটেজ পৰীক্ষাৰ পাছতে দেওবাৰে নিশা এক এনকাউণ্টাৰৰ অন্তত আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ প্ৰাক্তন কৰ্মচাৰী বিশাল আৰু তেওঁৰ সহযোগী ৰাজ কিশোৰক। জেৰাৰ সময়ত বিশালে স্পষ্ট কৰি কয় যে মিনোচাৰ ৩৬ বছৰীয়া বোৱাৰী শালুৰ নিৰ্দেশ আৰু ধনৰ প্ৰলোভনতেই সংঘটিত কৰা হৈছিল এই হত্যাকাণ্ড।

আৰক্ষীৰ জেৰাত শালুৱে নিজৰ অপৰাধ স্বীকাৰ কৰি অসন্তোষ ব্যক্ত কৰে। এটা ধনী পৰিয়ালৰ সদস্য হোৱাৰ পিছতো ঘৰৰ কোনো আৰ্থিক নিয়ন্ত্ৰণ তেওঁৰ হাতত নাছিল। সামান্য খৰচৰ বাবেও শহুৰেকৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। ইয়াৰ উপৰি যোৱা ২৮ জুলাইত এখন পাৰ্টীৰ পৰা পলমকৈ ঘৰলৈ উভতি অহাৰ পিছতে শহুৰেকৰ সৈতে তীব্ৰ তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল।

সেই ক্ষোভতে শালুৱে প্ৰাক্তন কৰ্মচাৰী বিশালক মাতি আনি শহুৰেকক হত্যাৰ বাবে ৬ লাখ টকাৰ চুক্তি কৰে। চুক্তিমতে ৬ ছেপ্টেম্বৰত ২ লাখ টকা আৰু বাকী ৪ লাখ টকা পৰৱৰ্তী ১৫ দিনত দিয়াৰ কথা আছিল। শালুৱে এপাৰ্টমেণ্টৰ এটা ডুপ্লিকেট ছাবিও বিশালৰ হাতত তুলি দিছিল।

শনিবাৰে নিশা শালুৱে স্বামী সুব্ৰত আৰু সন্তানক লৈ এখন পাৰ্টীলৈ ওলাই যায়। তেওঁলোক যোৱাৰ পিছতে এপাৰ্টমেণ্টত উপস্থিত হয় দুই হত্যাকাৰী। ছিকিউৰিটি গাৰ্ডজনে তেওঁলোকক বাধা দিয়াত শালুৱে ফোন যোগে নিৰ্দেশ দি কয় যে তেওঁলোকে ঔষধ যোগান ধৰিবলৈ আহিছে, গতিকে ভিতৰলৈ যাবলৈ দিয়া হওক।

আৰক্ষীয়ে সদৰী কৰা মতে, মিনোচাক গাৰুৰে উশাহ বন্ধ কৰি হত্যা কৰি হৃদৰোগৰ ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু হত্যাকাৰী দুজনে শোৱনি কোঠাত লুকাই থকা অৱস্থাতে মিনোচা তাত উপস্থিত হয়। তেতিয়াই আক্ৰমণকাৰীয়ে চোকা ছুৰীৰে ২৬ বাৰ আঘাত কৰি পলায়ন কৰে। নিশা প্ৰায় ৩ বজাত পাৰ্টীৰ পৰা উভতি আহি ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে পৰিয়ালে। সম্প্ৰতি শালু কাৰাগাৰত বন্দী হৈ আছে আৰু তেওঁৰ স্বামী সুব্ৰতৰ কোনো ভূমিকা আছে নেকি, সেই দিশটো কল ৰেকৰ্ডৰ জৰিয়তে খতিয়ান লৈ আছে তদন্তকাৰী আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *