ফিফা বিশ্বকাপত মঙলবাৰৰ নিশাটো পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বাবে এক স্মৰণীয় নিশা আছিল।প্ৰথমখন মেচত ফ্লপৰ পিছত ৰোনাল্ডোৱে একেবাৰে পিছৰ মেচখনত প্ৰমাণ কৰিলে যে তেওঁ এনেই গ’ট অৰ্থাৎ গট দা বেষ্ট অৱ অল টাইম নহয়। উজবেকিস্তানৰ বিৰুদ্ধে খেলখনত দুটা গ’ল দি ইতিহাসৰ সৃষ্টি কৰিছিল এই কিংবদন্তি ফুটবলাৰগৰাকীয়ে। লিয়নেল মেছিৰ অভিলেখ ভংগ কৰি এতিয়া ফিফা বিশ্বকাপৰ এখন খেলত একাধিক গ’ল দিয়া বিশ্বৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে ক্রিষ্টিয়ানো ৰোনাল্ডো৷ গ্ৰুপ কে-ৰ খেলখনত পৰ্তুগালে উজবেকিস্তানক ৫-০ গ’লত পৰাস্ত কৰে। ক্রিষ্টিয়ানো ৰোনাল্ডোৱে দুটা গ’ল দিয়ে৷ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনৰ প্ৰতিধ্বনিত ৰাইজৰ “ৰ’নাল্ডো, ৰোনাল্ডো!” ৰোনাল্ডোৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবে পৰ্তুগালে শক্তিশালী জয় লাভ কৰে। নুনো মেণ্ডেছ আৰু ৰাফেল লিয়াওৱেও গ’ল দিয়ে। উজবেকিস্তানৰ গ’লৰক্ষক আব্দুভোহিদ নেমাটভৰ সৌজন্যত অ’ন গ’লো আছিল। ই এছ পি এন ইনচাইটছৰ এক্স হেণ্ডেলৰ মতে, ৪১ বছৰ ১৩৮ দিন বয়সত ৰোনাল্ডো ফিফা বিশ্বকাপৰ ইতিহাসত এখন খেলত এটাতকৈ অধিক গ’ল দিয়া আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ লিয়নেল মেছিৰ পূৰ্বৰ অভিলেখ ভংগ কৰে, যিটো অভিলেখ আৰ্জেণ্টিনাৰ এই তাৰকাগৰাকীয়ে ২২ জুন সোমবাৰে অষ্ট্ৰিয়াৰ বিৰুদ্ধে দুটা গ’ল দি স্থাপন কৰে। মেছিয়ে ৩৮ বছৰ ৩৬৩ দিন বয়সত দুটা গ’ল দিয়ে। তদুপৰি, ৪২ বছৰ ৩৯ দিন বয়সত গ’ল দিয়া ৰজাৰ মিলাৰ পিছতে ফিফা বিশ্বকাপত কমেও এটা গ’ল দিয়া দ্বিতীয় বয়সৰ খেলুৱৈ হিচাপে পৰিগণিত হয় ৰোনাল্ডো। উল্লেখযোগ্য যে ৰোনাল্ডো ফিফা বিশ্বকাপৰ ইতিহাসত পৰ্তুগালৰ সৰ্বাধিক গ’লদাতা হিচাপেও পৰিগণিত হয়, ফিফা বিশ্বকাপত তেওঁৰ গ’লৰ সংখ্যা ১০টালৈ বৃদ্ধি কৰে। তেওঁ বিশ্বকাপত ৯টা গ’ল দিয়া কিংবদন্তি ফৰৱাৰ্ড ইউচেবিঅ’ক অতিক্ৰম কৰিছে। ৪১ বছৰ ১৩৮ দিন বয়সত ৰোনাল্ডো ফিফা বিশ্বকাপত পৰ্তুগালৰ আটাইতকৈ বয়সীয়াল গ’লদাতা হিচাপেও পৰিগণিত হয়। উল্লেখযোগ্য যে ২০০৬ চনত ইৰানৰ বিৰুদ্ধে তেওঁ গ’ল দিছিল, তেতিয়া তেওঁৰ বয়স আছিল ২১ বছৰ। তদুপৰি তেওঁ এই প্ৰতিযোগিতাত নিজৰ দেশৰ হৈ গ’ল দিয়া আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। Share this:FacebookX Related Post navigation ছৌদি আৰৱক ৪-০ গ’লত পৰাস্ত কৰি শীৰ্ষত স্পেইন গ’লবিহীন ড্ৰ’ত সমাপ্ত ইংলেণ্ড-ঘানাৰ মেচ