ফিফা বিশ্বকাপত কানাডাই একপক্ষীয় খেলত কাটাৰক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভেংকুৱাৰৰ বি চি প্লেচ ষ্টেডিয়ামত কানাডাৰ দলটোৰ প্ৰদৰ্শন আকৰ্ষণীয় আছিল যদিও চূড়ান্ত হুইচেলৰ লগে লগে খেলপথাৰত দুয়োটা দলৰ মাজত তৰ্কাতৰ্কি আৰু কাজিয়াৰ সৃষ্টি হয়। এই বিতৰ্ক তেতিয়া আৰম্ভ হৈছিল যেতিয়া কানাডাৰ মুখ্য প্ৰশিক্ষক জেছি মাৰ্ছে মেচৰ পিছত কাটাৰৰ মেনেজাৰ জুলেন লোপেটেগুইৰ কাষ চাপিছিল। দুয়োৰে মাজত কোনো বিষয়ক লৈ তৰ্কাতৰ্কিৰ সৃষ্টি হয়।

কানাডাৰ প্ৰশিক্ষকগৰাকীৰ অভদ্ৰ আচৰণে বেঞ্চত বহি থকা কাটাৰী খেলুৱৈসকল ক্ষোভিত হৈ পৰে আৰু পৰিস্থিতি সোনকালে সংঘাতত পৰিণত হৈ পৰে। দুয়োটা দলৰ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। খেলপথাৰৰ বিশৃংখলতা বন্ধ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হৈছিল, বহু প্ৰচেষ্টাৰ অন্তত দুয়োটা দলক পৃথক কৰিছিল। খবৰ অনুসৰি এই কাজিয়াৰ আচল কাৰণ মেচখনৰ সময়ত হোৱা এক ঘটনা। কাটাৰীৰ খেলুৱৈ আছিম মাদিবোৰৰ খুন্দাত কানাডাৰ মিডফিল্ডাৰ ইছমাইল ক’নে আঘাতপ্ৰাপ্ত হয়, যিটোৱে কানাডাৰ খেলুৱৈ আৰু কৰ্মচাৰীসকলক ক্ষুব্ধ কৰি তুলিছিল।

মেচৰ পিছত এই ক্ষোভৰ সৃষ্টি হয়, যাৰ ফলত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ইছমাইল ক’নে আছিম মাদিবোৰৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁক ষ্ট্ৰেচাৰত খেলপথাৰৰ বাহিৰলৈ লৈ যাবলগীয়া হয়। ইয়াৰ বাবে মাদিবোৰক পোনে পোনে ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *