ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন গ্ৰুপ চি মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে।ফ্ল’ৰিডাৰ মিয়ামি ষ্টেডিয়ামত দুটা গ’ল দি ব্ৰাজিলৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মেথিউছ কুনহাইও এটা গ’ল দি ৩২ ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰে।ব্ৰাজিলে গ্ৰুপত শীৰ্ষস্থান দখল কৰে। মেচখনৰ এটা ইতিবাচক সংযোজন আছিল বহু অপেক্ষাৰ অন্তত কিংবদন্তি খেলুৱৈ নেইমাৰ জুনিয়ৰ খেলপথাৰলৈ ঘূৰি অহা।

৭৬ মিনিটত তেওঁ বিকল্প হিচাপে খেলপথাৰলৈ আহে। নকআউট ৰাউণ্ডৰ পূৰ্বে দলটোৰ বাবে এয়া এক উল্লেখযোগ্য খবৰ। ব্ৰাজিলৰ হৈ ভিনিচিয়াছে গ’লৰ আৰম্ভণি কৰে। সপ্তম মিনিটত তেওঁ এটা সুন্দৰ গ’ল দিয়ে। তাৰ পাছত ইনজুৰি টাইমত (৪৫ আৰু ৩ মিনিট) ৰিয়েল মাদ্রিদৰ খেলুৱৈগৰাকীয়ে দ্বিতীয়টো গ’ল দিয়ে৷ হাফটাইমত দলটোৱে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। তাৰ পাছত দ্বিতীয়াৰ্ধত মেথিউছ কুনহাই দলটোক ৩-০ গ’লত নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে। ৬০ মিনিটত তেওঁ গ’ল দিয়ে।

ভিনিচিয়াছ জুনিয়ৰে দুটা গ’ল দি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। তেওঁ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে গ’ল দিয়া ব্ৰাজিলৰ তাৰকাৰ নিৰ্বাচিত গ্ৰুপত যোগদান কৰে। ভিনিচিয়াছৰ পূৰ্বে এই কৃতিত্ব ১৯৭০ চনত জেইৰজিনহ’, ১৯৯৪ চনত ৰোমাৰিঅ’ আৰু ২০০২ চনৰ সফল অভিযানত ৰোনাল্ডো আৰু ৰিভাল্ডোৰ কিংবদন্তি যুটিয়ে লাভ কৰিছিল। এতিয়া ভিনিচিয়াছ জুনিয়ৰে এই অভিজাত ক্লাবত নিজৰ স্থান নিশ্চিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *