২০২৫ বৰ্ষ গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জ্জাতিক বিমানবন্দৰৰ বাবে এক অভিলেখকাৰী বছৰত পৰিণত হৈছে, য’ত মুঠ ৭.০১ নিযুত যাত্ৰী বিমানবন্দৰটোৰ সেৱা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ৩৫ লাখ ঘৰুৱা আগমন আৰু ৩৪ লাখ ঘৰুৱা প্ৰস্থান অন্তর্ভুক্ত। ৫ অক্টোবৰত, বিমানবন্দৰে এক দিনত ২২,০৮৯ যাত্ৰীক সেৱা আগবঢ়াই নতুন ৰেকৰ্ড স্থাপন কৰে। আদানি এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ পৰিচালনাত এই বিমানবন্দৰে আন্তৰ্জাতিক পৰিসৰৰো বৃদ্ধি ঘটাইছে, য’ত পেৰু, বেংকক আৰু ছিংগাপুৰলৈ নতুন বিমান সেৱা আৰম্ভ হৈছে।

কাৰ্গ’ পৰিবহণৰ ক্ষেত্ৰতো বিমানবন্দৰে উল্লেখযোগ্য সফলতা লাভ কৰিছে; ডিচেম্বৰত, ১,৩৬২ মেট্ৰিক টন সামগ্ৰী পৰিবহণ কৰি আৰু ২২ ডিচেম্বৰত এক দিনত ৬০ মেট্ৰিক টনৰ নতুন ৰেকৰ্ড স্থাপন কৰিছে। বছৰটোত মুঠ ৩২,৯৯০ মেট্ৰিক টন পণ্য সৰবৰাহেৰে অঞ্চলটোৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে গোপীনাথ বৰদলৈ বিমানবন্দৰক প্রতিষ্ঠিত কৰিছে।

বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, আন্তঃগাঁথনিৰ উন্নয়নই যাত্ৰী আৰু পণ্যৰ সুৰক্ষিত পৰিবহণৰ ক্ষেত্ৰত সহায় কৰিছে। ২০২৫ বৰ্ষত ঘৰুৱা খণ্ডত ৪৭,৫৫০ টা আৰু আন্তৰ্জাতিক খণ্ডত ১,০০০ খন বিমান চলাচল কৰা হৈছে। গোপীনাথ বৰদলৈ বিমানবন্দৰে ভবিষ্যতত অধিক উন্নত সেৱা আগবঢ়োৱাৰ লক্ষ্য স্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *