নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ। এই উপ-নিৰ্বাচনক বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক যুঁজ বুলি অভিহিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোত দলৰ বিজয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পথ নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সাংবাদিকৰ আগত নিজৰ স্থিতি ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগাঁও উপ-নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলে দলটোৱে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ১২৬ খন আসনেই দখল কৰিবলৈ সক্ষম হ’ব। বিগত এটা মাহত অঞ্চলটোৰ ভোটাৰৰ মনোভাৱ বিজেপিৰ প্ৰতি অনুকূল হোৱা বুলি দাবী কৰাৰ সমান্তৰালভাৱে এক বাস্তৱিক দিশো উল্লেখ কৰে শৰ্মাই। তেওঁ কয় যে নগাঁও পৰম্পৰাগতভাৱে বিজেপিৰ কোনো শক্তিশালী ঘাটি নহয়, ঐতিহাসিকভাৱে এইখন সদায় কংগ্ৰেছৰহে আসন আছিল। অসমৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উপ-নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে। এই আসনখনৰ বাবে বিজেপিয়ে প্ৰাক্তন আইএএছ বিষয়া দেৱাশীষ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক দলৰ হৈ প্ৰক্ষেপ কৰিছে। নগাঁও অঞ্চলত ভোটাৰৰ ৰাজনৈতিক মনোভাৱ কোন দিশে ঢাল খাইছে, তাৰ প্ৰকৃত উমান ল’বলৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এই সমষ্টিটোৰ ওপৰত। Share this:FacebookX Related Post navigation পৰিয়ালৰো নাই কোনো ভৰসা, নিজেও কৰিব নোৱাৰিলে ভোটদান! নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ নামত পৰিল মাত্ৰ এটা ভোট ৩,৩৮৩ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী! তাৰ পিছতো মুম্বাইৰ ৰাজপথত ভিক্ষা খুজিলে মহাৰাষ্ট্ৰৰ আটাইতকৈ ধনী বিধায়কজনে, কাৰণ