এইবাৰ নিৰ্বাচনত চৰম বিপৰ্যস্ত হ’ল শাসকীয় বিজেপিৰ এগৰাকী প্ৰাৰ্থী। নিৰ্বাচনত মাত্ৰ এটা ভোট লাভ কৰি এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে এইগৰাকী বিজেপি প্ৰাৰ্থী। সমৰ্থকৰ কথা বাদেই, পৰিয়ালৰ কোনো এজন সদস্যয়ো ভোট নিদিলে দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীগৰাকীক। ৰাজস্থানৰ পৌৰ নিগম আৰু নগৰ নিকায় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই পোহৰলৈ আহে এই আমোদজনক তথা চৰ্চিত ঘটনা। ৰাজ্যখনৰ ডিডৱানা-কুচামান জিলাৰ পৰ্বতসৰ পৌৰসভাৰ ১৩ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী কৈলাশচন্দে। সোমবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুসৰি, উক্ত ৱাৰ্ডটোত কংগ্ৰেছ প্ৰাৰ্থী হিনা খানমে ৩৭৬ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী ৰছিদ খানে লাভ কৰে ১৯৫ টা ভোট। কিন্তু সকলোকে হতবাক কৰি বিজেপিৰ দলীয় প্ৰাৰ্থীজনে লাভ কৰে মাত্ৰ এটা ভোট। নিৰ্বাচনত এনে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰে প্ৰাৰ্থী কৈলাশচন্দে। তেওঁ কয় যে তেওঁ প্ৰকৃততে ১২ নম্বৰ ৱাৰ্ডৰ ভোটাৰ আছিল, কিন্তু দলীয় নিৰ্দেশনাত তেওঁ কাষৰীয়া ১৩ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছিল। নিজে নিজক ভোট দিব নোৱৰাৰ কথা উল্লেখ কৰি বিজেপি নেতাজনে কয়, “মই মাত্ৰ এটা ভোট পালোঁ। মোৰ নিজৰ ভোটাৰ তালিকা ১২ নম্বৰ ৱাৰ্ডতহে আছিল। দলে মোক ১৩ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব দিলে। সেই ৱাৰ্ডৰে কোনোবা এজন ব্যক্তিয়ে মোৰ নামত এই একমাত্ৰ ভোটটো দিলে।” ২৫ টা ৱাৰ্ডযুক্ত পৰ্বতসৰ পৌৰসভাত কংগ্ৰেছে ১৩ টা ৱাৰ্ডত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১২ টা ৱাৰ্ডত জয় সাব্যস্ত কৰে। সমগ্ৰ ৰাজস্থানৰ ৩০৯ টা নগৰ নিকায়ৰ ১০ হাজাৰৰো অধিক ৱাৰ্ডৰ ভোটগণনা চলি থকাৰ মাজতে মাত্ৰ এটা ভোট লাভ কৰা বিজেপি প্ৰাৰ্থীগৰাকীৰ ফলাফল এতিয়া সৰ্বত্ৰে বিশেষভাৱে চৰ্চিত হৈ পৰিছে। Share this:FacebookX Related Post navigation নকল নোটৰ পিছত এতিয়া নকল মুদ্ৰাৰ বৃহৎ জালিয়াতি! উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত ৫ অভিযুক্ত নগাঁৱত জয়ী হ’লে ২০৩১ৰ নিৰ্বাচনত ১২৬ খন আসনেই লাভ কৰিব বিজেপিয়েঃ মুখ্যমন্ত্ৰী